Go to full page →

অধ্যায় ২১ - গীর্জা আৰু জগতৰ মিলন GCam 103

চয়তানে তাৰ পিচত দূত বিলাকৰ লগত আলোচনা কৰি তেওঁলোকে ভাবিল যে তেওঁলোকে কি লাভ কৰিছিল। এইটো সঁচা যে তেওঁলোকে মৃত্যু ভয়ৰ যোগেদি কিছু ভয়াতুৰ আত্মাক ধৰি ৰাখিছিল। সত্যটোক আকোৱালি লোৱাৰ পৰা। কিন্তু বহুতোৱে আনকি বৰ ভয়াতুৰবোৰেও সত্যটো গ্ৰহণ কৰি তেওঁলোকৰ ভ্ৰাতৃবিলাকৰ মৃত্যুৰ যোগেদি সিঁহতৰ দৃঢ়তা আৰু ধৈৰ্য্য দেখি জানিব পাৰিল যে ঈশ্বৰ আৰু দূতবিলাকে এই যাতনাবোৰ সহনত তেওঁলোকক সহায় কৰাৰ ফলত তেওঁলোকে বেছি সাহসী আৰু নিৰ্ভয় হৈ গল। তেওঁলোকে যেতিয়া নিজৰ জীৱন দিবলৈ বশীভূত হোৱাত এনে ধৈৰ্য্য আৰু দৃঢ়তাৰে তেওঁলোকেৰ বিশ্বাস ধৰি ৰখাত আনকি তেওঁলোকৰ হত্যাকাৰী বোৰেও কঁপি উঠিল। চয়তান আৰু তাৰ দূতবিলাকে স্থিৰ কৰিল যে আত্মা সমূহ নাশ কৰাৰ বাৱে এটা অধিক সফল পথ আছিল যিটো শেষলৈ বেচি নিশ্চিত হল। তেওঁলোকে দেখিল যে যদিও খ্ৰীষ্টান সকলক যাতনা ভোগ কৰোৱা হল। তেওঁলোকে খ্ৰীষ্টৰ মহৎ গুণবোৰ অনুসৰণ কৰিল যেতিয়া তেখেতৰ হত্যাকাৰী বোৰৰ আগত বলতোৱে আশ্বস্ত হল তেওঁলোকৰ স্থায়িত্ব সাক্ষ্য কৰি আৰু তেওঁলোকৰ ওপৰত ডৰ কৰা ঈশ্বৰৰ গৌৰৱেৰে। চয়তানে স্থিৰ কৰিল যে তাক অবশ্যেই অধিক নমনীয় ৰূপত আহিব লাগিব। বাইবেল শিক্ষা আৰু ঐতিহ্যবোৰ দূষিত কৰাৰ পাছত সি তাৰ ঘৃণাক দমন কৰিল আৰ তাৰ প্ৰজাবিলাকৰ ওপৰত এনে দুঃখজনক উৎপীড়ৰ চাপি নি দিবলৈ স্থিৰ কৰিল আৰু গীর্জাঘৰক নানান ঐতিহ্যৰ বাৱে যুক্তি দশোৱাবলৈ আগুৱাই নিলে। যেতিয়া সি মিছাৰ আশ্ৰয় লৈ গীর্জা ঘৰক পৃথিবীৰ অনুগ্ৰহ আৰু সম্মানবোধ পাৱলৈ আগুৱাই নিলে এয়া ঈশ্বৰৰ অনুগ্রহ হেৰুৱাবলৈ ধৰিল। GCam 103.1

গীর্জাঘৰখন বেলেগ আৰু অদ্ভুত মনুষ্য জাতি নহয় যি এইটো আছিল যেতিয়া অত্যাচাৰীৰ জুই ইয়াৰ বিৰুদ্ধে জ্বলিছিল। সোন কালেকৈ মলিন হয় আৰু কেনেকৈ বৰ সুন্দৰ সোন পৰিবর্ত্তিত হয় ? মই দেখিলো যে গীর্জাঘৰখন সদায়ে ইয়াৰ পবিত্ৰ আৰু অদ্ভূত চৰিত্ৰটো ধৰি ৰখা হলে পবিত্র আত্মাৰ ক্ষমতা যিটো শিষ্যবিলাকলৈ দিয়া হৈছিল ইয়াৰ লগত থাকিল হেতেঁন। পীড়িত সকলৰ আৰোগ্যলাভ, ভূতবোৰৰ তিৰস্কাৰ আৰু বহিস্কাৰেৰে এৱা ক্ষমতাশালী আৰু শত্ৰুবোৰলৈ ভীতিজনক হল হেতেঁন। GCam 104.1

মই এটা বিশাল দলক খ্রীষ্টৰ নামত প্ৰচাৰ কৰা দেখিলো কিন্তু ঈশ্বৰে তেওঁলোকক স্বীকাৰ ন কৰে বুলি তেওঁলোকৰ মনত কোনো আনন্দ নাই। চয়তানে ধাৰ্ম্মিক চৰিত্ৰ বহন কৰা যেন লাগিল আৰু বৰ ইচ্ছুক আছিল যে মনুষ্য জাতিয়ে তেওঁলোকক খ্রীষ্টান বুলি ভাবে। যদি যীশুৰ প্ৰতি সকলো দিশতে বিশ্বাসটো ভালকামৰ বাবে ন জাগায় আৰু ঘোষণাকাৰীসকলক খ্ৰীষ্টৰ স্বাৰ্থত্যাগী জীৱন অনুসৰণ কৰিবলৈ আগত ন বঢ়ায়। সি বিবক্ত ন হয় কাৰণ তেওঁলোকে অকল খ্ৰীষ্টৰ নামটোহে বহন কৰে যত তেওঁলোকৰ হৃদয় এতিয়াও কামজণিত হৈ আছে। সি এতেকে তাৰ সেৱাত আৰু ভালদৰে ব্যৱহাৰ কৰিব পাৰে যদি তেওঁলোকে খুলাখুলি ঘোষণা ন কৰে। খ্ৰীষ্টৰ নামৰ অধীনত তেওঁলোকৰ বিফলতা লুকুৱাই ৰাখে। তেওঁলোকে আগবাঢ়ি যায় তেওঁলোকৰ শুদ্ধ স্বভাবেৰে আৰু তেওঁলোকৰ বেয়া ভাববোৰ দমন ন হয়। এইটোৱে অবিশ্বাসী সকলৰ সুযোগ কৰি দিয়ে তেওঁলোকৰ অশুদ্ধিবোৰ যীশু খ্রীষ্ট লৈ নিক্ষেপ কৰি তেখেতক নিন্দা কৰিবলৈ। GCam 104.2

চয়তানে বিচৰা মতে ধৰ্ম্মৰ্চাৰ্য্য সকলে সাংসাৰিক ধর্মবিশ্বাস থকা সকলৰ উদ্দেশ্যে কোমল কথাবোৰ প্ৰচাৰ কৰে। তেওঁলোকে যীশু আৰু বাইবেল চোকা সত্যবোৰ প্ৰচাৰ কৰিবলৈ সাহস ন কৰে কাৰণ সাংসাৰিক ধৰ্ম্মবিশ্বাসী সকলে তেওঁলোকক নু শুনে। তেওঁলোকৰ বহুতোৱে শক্তিশালী আৰু গীৰ্জাঘৰ খনত ধ্বৰি ৰাখিবই লাগিব, যদিও তেওঁলোকে চয়তান আৰু তাৰ দূত বিলাকতকৈ অধিক যোগ্য নহয় তাত থকাৰ বাৱে। যীশুৰ ধৰ্মক জগত্ৰ চকুত সৰ্ব্বপ্ৰিয় আৰু সন্মানীয় বুলি মনত মনত পেলোৱা হয়। মনুষ্য জাতিক বোৱা হয় যে যি সকলে ধৰ্মক খুলাখুলিকৈ ঘোষণা কৰে সেই সকলে জগত্ৰ দ্বাৰা অধিক সম্মানীত হয়। খ্ৰীষ্টৰ শিক্ষা আৰু জগৎ শান্তিত থাকিব নোৱাৰে। যি সকলে তেখেতক অনুসৰণ কৰিল জগক ত্যাগ কৰিব লাগিছিল। চয়তান আৰু তাৰ দূতবিলাকক লৈ ওপজিছিল এই কোমল কথাবোৰ। তেওঁলোকে GCam 105.1