Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ১২ - খ্রীষ্টৰ শিষ্যবিলাক

    শিষ্যবিলাকে প্রবলশক্তিৰে এজন ক্রচবিদ্ধ তথা এজন উত্থান হোক্ ত্ৰাণকৰ্ত্তাৰ প্ৰচাৰ কৰিলে। তেওঁলোকে অসুস্থ মানুহবিলাকক আৰোগ্য কৰিলে আৰু সকলো মানুহৰ আগত ঈশ্বৰক জয়গান কৰি সিঁহতকলৈ মন্দিৰত প্ৰৱেশ কৰিলে। বাতাটো বিস্তাৰ হোরাৰ লগে লগে মানুহবিলাকে শিষ্যসকলৰ চাৰিওপাষে ভিৰ করিবলৈ আৰম্ভ কৰিলে আৰু নিরাময় সাধনৰ ঘটনাটোৰে বৰকৈ আচৰিত হ’ল।GCam 60.1

    যেতিয়া যীশুৰ মৃত্যু হ’ল মুখ্য পুৰোহিত সকলে ভাবিলে যে আশ্চৰ্য্য ঘটনাবোৰৰ পুনৰাবৃত্তি ন হ’ব, ঠত্তেজনটো মৰি যাব আৰু মানুহৰ ভিৰে আকৌ মানুহৰ ঐতিহ্যলৈ ঘূৰি আহিব। পিচলৈ ঠিক তেওঁলোকৰ মাজতেই শিষ্যবিলাকে আশ্চৰ্য্য কামবোৰ কৰি আছিল যিটো চাই মানুহৰ ভিৰটো আচৰিত হৈগ’ল। যীশুক ক্রচবিদ্ধ কৰা হৈছিলে আৰু তেওঁলোকে আচৰিত হ’ল এই বুলি যে শিষ্যবিলাকে কব পৰা ক্ষমতা পাইছিল। যেতিয়া তেখেতে জীবিত আছিল তেওঁলোকে ভাবিছিল যে তেখেতে তেখেতৰ শিষ্যবিলাকৰ ক্ষমতা দিছিল।। যীশুৰ মৃত্যু হ’ল, তেওঁলোকে ভাবিছিল যে সেই আশ্চৰ্য্য ঘটনাবোৰ শেষ হৈ যাব। পিটাৰে তেওঁলোকৰ বিমোৰ হোৱা অবস্থাটো বুজি পালে আৰু তেওঁলোকক ক’লে, তোমালোকে ইজৰাইলৰ মানুহ হৈ কিয় ইয়ালৈ আগ্ৰহেৰে দৃষ্টি দি আছা? আব্রাহাম, ইছাহাক, জেকব আদি শিষ্যবিলাকৰ, আমালোকৰ পিতৃ সমুহৰ ঈশ্বৰে তেখেতৰ পুত্ৰ যীশুক গৌৰবান্বিত কৰিছে। কিন্তু তোমালোকলৈ পবিত্র আত্মাকে অস্বীকাৰ কৰিছিলা। তোমালোকে জীৱনৰ ৰাজপুত্ৰজনক হত্যা কৰিছিল যাক ঈশ্বৰে মৃত্যু অরস্থাৰ পৰা উত্থান কৰিছিল যিটোৰ আমি সাক্ষ্যহৈ আছো। পিটাৰে তেওঁলোকক ক’লে যে যীশুৰ ওপৰত থকা বিধাসে এজন মানুহক পূর্ণ সুস্থতা আনি দিছিল যি জনে আজতে এজন পেখেৰো মানুহ আছিল।GCam 60.2

    মুখ্য পুৰোহিত আৰু বয়ঃসস্থ সকলে এই কথাবোৰ সহ্য কৰিব নোৱাৰিলে। তেওঁলোকে শিষ্যবিলাকক দখলত আনি সিঁহতক বন্দী কৰিলে। কিন্তু তেওঁলোকে বিপদত পৰিলে যেতিয়া সহস্ৰাধিকে শিষ্যবিলাকৰ মাত্ৰ এটা উপদেশতেই রূপান্তরিত হৈ খ্রীষ্টৰ পুনৰত্থান আৰু আৰোহণত বিশ্বাস কৰিলে। এতিয়া অৱস্থা আগৰ পৰাও বেয়া হৈ পৰিল কানণ মুখ্য পুৰোহিত আৰু বয়ঃসস্থ সকলে যীশুক হত্যা করিছিল যাতে মানুহবিলাকক তেওঁলোকৰ দিশলৈ ঘুৰি আনিব পাৰে। শিষ্যবিলাকে খুলাখুলিকৈ তেওঁলোকক ঈশ্বৰপুত্ৰৰ হত্যাকাৰী হিচাপে দোষী সাব্যস্ত কৰিলে। তেওঁলোকে শিষ্যবিলাকক মৃত্যুমুখত ঠেলিব পাৰিলে হয় কিন্তু সাহস ন কৰিলে মানুহবিলাকৰ ভয়তে। তেওঁলোকে পৰিষদৰ আগত শিষ্যবিলাকক মাতি পাঠিয়ালে। তেওঁলোকে পিটাৰক সশংকিত কৰিবলৈ ভাবিলে কিন্তু তেওঁ এতিয়া খ্ৰীষ্টধৰ্মত দীক্ষিত হৈছিল। তেওঁ বোৰ যীশুক অস্বীকাৰ কৰিছিল। কিন্তু এতিয়া তেওঁ সেই ভুলটোৰ শুধৰাব কৰিব পাৰিব। তেতিয়া তেওঁ নিভকিদৰে ক’লে যে তেওঁ মানুহৰ জাকৰ আগত থিৰ হৈ আছে একমাত্র তেখেতৰ বাৰে যাৰ নাম হৈছে নাজাৰাথৰ যীশু খ্রীষ্ট। আন কোনো নামেতেই মুত্তি নাই।GCam 61.1

    পিটাৰ আৰু জনৰ সাহসিকতা চাই মানুহবিলাকে আচৰিক হৈছিল। তেওঁলোকে বুজিব পাৰিলে যে সিঁহতে যীশুৰ সৈতে আছিল সিঁহতৰ মহৎ নির্ভীক আচৰনৰ বাবে যিটোকে তুলনা ক̶ৰিব পৰা যায় যীশুৰ উপস্থিতিৰ সৈতে যেতিয়া তেখেতে উৎপীড়িত হৈছিল তেখেতৰ হত্যাকারী সকলৰ দ্বারা। যীশু এটা দয়া আৰু দুখৰ দৃষ্টিৰে পিটাৰক তিৰস্কার কৰক যেতিয়া তেখেতক তেওঁৱে অস্বীকাৰ কৰিছিল। এতিয়া তেওঁৰ প্রভুক সাহসেৰে স্বীকাৰ কৰাত পিটাৰক সম্মত জনোৱা হ’ল আৰু আশীৰ্ব্বাদ যচা হ’ল। যীশুৰ অনুমোদনেৰে তেওঁক পবিত্র আত্মাৰে পূৰ্ণ কৰা হ’ল।GCam 62.1

    মুখ্য পুৰোহিত সকলে শিষ্যবিলাকৰ প্ৰতি থকা তেওঁলোকৰ ঘৃণা প্রদর্শন কৰিবলৈ সাহস ন কৰিল। তেওঁলোকে ভাবিল যে শিষ্যবিলাকে ঘটিয়া আশ্চর্য কামবোৰ যি বোৰ জেৰুজালেমত বাস কৰা মানুহ বিলাকৰ বাবে এটা উদাহরণ স্বরূপ ̶ ̶ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। তেওঁলোকৰ মন কৰিলে যে এই ভাল কামৰ খবৰটো বিস্তাৰ হোৱা হ’লে তেওঁলোকৰ ক্ষমতা হেৰুৱাই যাব আৰু তেওঁলোকক যীশুৰ হত্যাকাৰী হিচাপে ভবা হব। অকল শিষ্যবিলাকক ভাবুকি দিয়া আৰু আদেশ দিয়া যে যীশুৰ মনত আৰু একোৱে ক’ব নালাগে যাতে পিচত তেওঁলোকৰ মৃত্যু হয়। —এই কথাবোৰ কলেহে তেওঁলোকে সাহসে কৰিলে। কিন্তু পিটাৰ সাহসেৰে ঘোষনা কৰিলে যে তেওঁলোকে মাত্র সেই খিনিহে ক’ব পাৰিব যিখিনি তেওঁলোকে দেখা বা শুনা না ছিল।GCam 62.2

    যীশুৰ ক্ষমতাৰে শিষ্যবিলাকে তেওঁলোকৰ ওচৰলৈ অনা প্রত্যেক জন অসুস্থ আৰু বেমাৰীক আৰোগ্য কৰি তুলিলে। উচ্চ পদৰ পুৰোহিত আৰু বয়ঃসস্থ সকল আৰু বিশেষকৈ তেওঁলোকৰ লগতনিযুক্ত হৈ থকা সকলে সজাগ হৈ গ’ল। প্রতিদিনই শতাধিকক অন্তর্ভুক্ত কৰা হৈছিল ক্রচবিদ্ধ হোৱা, উত্থান দ্বারা আৰু আৰোহণকাৰী ত্ৰানকতাৰ ৰূপত। তেওঁলোকে ধৰ্মপ্ৰচাৰক সকলক কাৰাগাৰত বন্দীকৰিলে আৰু আশা কৰিলে যে উত্তেজনাটো মাৰ। যাব। শয়তানে জয়োল্লাস কৰিলে আৰু পতিত দূতবিলাকে উৎফুল্লিত হ’ল। কিন্তু ঈশ্বৰৰ দূতবিলাকক পঠোৱা হ’ল কাৰাগাৰৰ দুৱাৰবোৰ খুলিবলৈ আৰু পুৰোহিত আৰু বয়ঃসস্থ সকলৰ আদেশৰ বিপৰীতত তেওঁলোককমন্দিৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়াৰ লগে লগে এই জীৱনৰ সকলোখিনি কথা কবলৈ দিয়া হ’ল। পাৰিষদটো গোট খালে আৰু বন্দী সকলক মাতি পঠিয়ালে। কর্মচাৰী সকলে। কাৰাগাৰৰ দুৱাৰবোৰ খুলি দেখিল যে বন্দীবিলাকে তাত নাছিল। তেওঁলোকে পুৰোহিত আৰু বয়ঃসস্থ সকলৰ ওচৰত উভতি গৈ ক’লে, মানুহবিলাকক চোৱামি বিলাকক তোমালোকে বন্দী কৰিছিল এতিয়া সেই বিলাকে মন্দিৰত থিয় হৈ আছে আৰু মানুহৰ জুমক শিকোৱাই আছে। পিচলৈ পাৰিষদটোৰ আগত তেওঁলোকক অনা হ’ল আৰু উচ্চপদত থকা পুৰোহিতবিলাকে তেওঁলোকক শুধিলে, আমি তোমালোকক প্রত্যক্ষ ভাৱে আদেশ নিদিলোছেনে যে এই নামত শিকোৱাটো উচিত ন হ’ব? এই মানুহজনৰ তেজ আমাৰ ওপৰত অহাৰ বাবে তোমালোক জেৰুজালেমক তোমালোকৰ মতেৰে ভৰাই দিছা।GCam 63.1

    তেওঁলোকে আছিল ভন্ড তপস্বী আৰু ঈশ্বৰক ভাল পোৱাতকৈ মানুহবিলাকৰ প্ৰশংসা বেচি ভাল পাইছিল। ধৰ্মপ্ৰচাৰক সকলে কৰা মহিমান্বিত কামবোৰে তেওঁলোকক ক্রদ্ধ কৰি তুলিছিল। তেওঁলোকে বুজিব পাৰিলে যে শিষ্যবিলাকে যীশু, তেখেতেৰ ক্রচবিদ্ধ হোৱা, পুনৰুত্থান হোৱা আৰু আৰোহণৰ কথা প্ৰচাৰ কৰা হ’লে তেওঁলোকে অপৰাধী হৈ পৰিব আৰু তেখেতৰ হত্যাকাৰী হিচাপে তেওঁলোকক ঘোষণা কৰা হ’ব। সেইবাবে তেওঁলোকে প্রবলরূপে কান্দি কৈছিল, তেখেতৰ তেজৰ প্রভাব আমাৰ আৰু আমাৰ শিষ্যসকলৰ ওপৰত পৰোহঁক।GCam 64.1

    ধর্মপ্রচাৰক সকলে সাহসেৰে ঘোষণা কৰিলে যে তেওঁলোকে মানুহতকৈ ঈশ্বৰ কহে মান্য কৰা উচিত। পিটাৰে কলে, আমাৰ পিতৃসকলৰ ঈশ্বৰে যীশুক দাঙি যাক তোমালোকে হত্যা কৰিএজোপা গছত ওলোমাই ৰাখিছিলা। ঈশ্বৰ উল্লাসেৰে তেখেতৰ সিঁহতক এজন উদ্ধাৰকৰ্তা হিচাপে পঠিৱালে ইজৰাইলে খেদ প্ৰকাশ কৰা আৰু পাপ সমূহৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যেৰে। হত্যাকাৰীবিলাকে ধৰ্ম্মপ্ৰচাৰক সকলক হত্যা কৰি সিঁহতৰ তেজেৰে তিয়াবলৈ ইচ্ছা কৰিলে। সিঁহতে এই কামটোৰ পৰিকল্পনা ৰচি আছিল, তেতিয়া ঈশ্বৰৰ এজন দূত পাঠোৱা হ’ল গলিললৈ মুখ্য পুৰোহিত আৰু শাসকসকলক পৰামৰ্শ দিয়াৰ বাবে। গেমলিলে তেওঁলোকক ঈশ্বৰৰ মৃত্যুমুখত ঠেলিবলৈ চেষ্টা কৰিলেও ঈশ্বৰ পঠোৱা দূতে শিষ্যবিলাকৰ সহায়েৰে সিঁহতক বাধা দিলে।GCam 64.2

    ধৰ্মপ্ৰচাৰক সকলৰ কামশেষ হৈ যোৱা নাছিল। তেওঁলোকক ৰজাসকলৰ আগত আনিব লগা হৈছিল, যীশুৰ নামত সাক্ষ্য দিবলৈ আৰু তেওঁলোকে যিখিনি দেখিছিলে আৰু শুনিছিল সেইটো প্রমান কৰাৰ বাবে। তেওঁলোকে ঈশ্বৰক প্ৰশংসা কৰিয়েই সভাটোৰ পৰা গুচি গ’ল। তেওঁলোকে মন্দিৰত আৰু প্ৰতিখন ঘৰতে য’ত তেওঁলোকক আমন্ত্রণ জনোৱা হৈছিল প্ৰচাৰ চলাই তেওঁলোকৰ লক্ষ্য একেদৰে চলাই থাকিল। ঈশ্বৰৰ নাম ক্রমাৎ বৃদ্ধি পালে। চয়তানে বল্বতো প্ৰচেষ্টাৰে মিছা প্ৰচাৰ চলাই সত্যটো লুকাব বিচাৰিলেও যীশুৰ পুনৰুত্থানৰ প্ৰমানবোৰক আঁতৰ কৰিব নোৱাৰিলে। শিষ্যবিলাকে সাহেসেৰে এইটো ঘোষনা কৰিলে আৰু সেই কথাবোৰ প্ৰমাণ কৰিলে যিবোৰ তেওঁলোকে দেখিছিল আৰু শুনিছিল। যীশুৰ নামৰ যোগেদি তেওঁলোকে মহিমান্বিত আৰু আশ্চৰ্য্য ঘটনাবোৰ ঘটালে, তেওঁলোকে সেই সকলোলৈ যীশুৰ তেজৰ প্ৰভাব পৰিবলৈ দিলে যি সকলেঈশ্বৰ পুত্ৰৰ ওপৰত ক্ষমতা প্ৰয়োগৰ অনুমতি পাইছিল।GCam 65.1

    মই দেখিলো যে বিশেষ যতন লেৱাৰ বাবে আৰু বিশুদ্ধ গুরুত্বপূর্ণ তথ্যবোৰ ৰক্ষা কৰিবলৈ ঈশ্বৰৰ দূত বিলাকক পঠোৱা হৈছিল যাতে সেইবোৰে প্ৰতিখন প্রজনতেই লব্ধৰ হিচাবে খ্রীষ্টৰ শিষ্যবিলাকক ধৰি ৰাখিব পাৰে।।GCam 66.1

    পবিত্র আত্মায়ে বিশেষকৈ ধৰ্মপ্ৰচাৰক সকলৰ ওপৰত ভৰ কৰিছিল, যি সকল সাক্ষ্য য আছিল যীশুৰ ক্রচবিদ্ধ হোৱা, পুনৰুত্থান আৰু আৰোহণ ̶ ̶ এই গুৰুত্বপূৰ্ণ সত্যবোৰ পিচলৈ ইজৰাইলৰ বাবে আশাৰ পোহৰ হেঁতেন। সকলোৱ তেওঁলোকৰ একমাত্র হিচাপে পৃথিবীৰ ত্ৰনকৰ্ত্তালৈ দৃষ্টি দিলে হয় আৰু যীশুৰ স্বাৰ্থত্যাগৰ দৃষ্টান্তৰে ঈশ্বৰৰ আইন অনুসৰি খোঁজ কারিলে হয়। মই দেখিলো যে যীশুর জ্ঞান আৰু মহানতা যিখিনিৰ যোগেদি তেখেতে শিষ্যবিলাকক ক্ষমতা দিলে যাতে তেওঁলোকে তেখেতৰ একেই কাম বোৰ চলাই থাকিব পাৰে যিবোৰৰ দ্বারা ইহুদীসকলে ঘৃণাৰ কাৰনে তেখেতক হত্যা কৰিছিল। এটি আশাৰ পোহৰ যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ সময়ত পুঞ্জীভূত হ’ল যিটোৰ দ্বারা বিশুদ্ধ তথ্যটো অমৰত্ব লাভ কৰিলে যে তেখেতেই আছিল পৃথিবীৰ ত্ৰানকর্তা।GCam 66.2

    এক্টচ্চ্ অধ্যায় ৩-৫ দেখকGCam 66.3

    Larger font
    Smaller font
    Copy
    Print
    Contents