Loading...
Larger font
Smaller font
Copy
Print
Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    খ্রীষ্টত বৃদ্ধি পোৱা

    হৃদয় পবিবৰ্ত্তন কৰি ঈশ্বৰৰ সন্তান হোৱাৰ স্বীকৃতি পোৱাটো বাইবেলত নতুন জন্ম পোৱা বুলি কৈছে । আকৌ এই জন্মক খেতিয়কে ভাল সাৰুৱা মাটিত গুটি সিঁচি গজালি ওলোৱাৰ সৈতে তুলনা কৰিছে। এতেকে খ্রীষ্টলৈ মন পরিবৰ্ত্তন ত্রাণকৰ্ত্তা কৰাজনে “নৱজাত শিশুৰ” দৰে খ্ৰীষ্ট যীচুত পূৰ্ণ অৱস্থালৈ বৃদ্ধি পাব লাগে, (১ পিতব ২:২; ইফিচীয়া ৪:১৫ পদ) অথবা পথাৰত সিঁচা ভাল গুটিৰ পৰা অধিক ফল উৎপন্ন হোৱাৰ দৰে, আত্মিক বিষয়ত ফলবান হ’ব লাগে । যিচয়া ভাৱবাদীয়ে কৈছে (৬১ অধ্যায় ৩ পদ) “তাতে তেওঁবিলাক ধর্মগছ, আৰু যিহোৱাৰ ভূষণব অর্থে তেৱেঁ পতা উদ্যান বুলি প্রখ্যাত হ’ব।” উক্ত প্রাকৃতিক জীৱনৰ দৃষ্টান্তৰে আত্মিক জীৱনৰ ৰহস্যময় সত্যক অধিক স্পষ্টরূপে বুজিবলৈ আমাক সহজ কৰি দিছে।SCAsm 48.1

    মানুহৰ জ্ঞান, বিদ্যা আৰু দক্ষতাবে প্রাকৃতিক জগতখনত এটি অতি ক্ষুদ্র জীৱকো জন্ম দিব নোৱাৰে । একমাত্র ঈশ্বৰে স্বয়ং তেওঁৰ যোগেদি প্রদান কৰা জীৱনৰ দ্বাৰাইহে নানা উদ্ভিদ, জীৱ-জন্তু, পশু-পক্ষী আদি জীয়াই থাকিব পাৰে । ঠিক তেনেকৈ কেৱল ঈশ্বৰৰ পৰা পোৱা জীৱনৰ যোগেদি, যি আত্মিক জীৱন সেয়াহে মানুহৰ হৃদয়ত নৱজীৱন দিয়ে । ঈশ্বৰৰ পৰা জন্ম নাপালে, খ্রীষ্টই দিবলৈ অহা যি জীৱন তাৰ ভাগী কোনেও হ’ব নোৱাৰে (যোহন ৩:৩ পদ চাওক )।SCAsm 48.2

    প্রত্যেক জীৱিত বস্তু বৃদ্ধি পাবই। স্বয়ং সৃষ্টিকর্ত্তা ঈশ্বৰৰ শক্তিত শস্য গজি উঠে, “প্রথমে পাত, পাছে থোব, তাৰ পাছে থোকত পুব হোৱা গুটি উৎপন্ন হয়।” (মার্ক ৪:২৮ পদ) ; হোচেয়া ভাৱবাদীয়ে (১৪ অধ্যায় ৫ আৰু ৭ পদত) ইস্রায়েলক কৈছে “তেওঁ কনাৰি ফুলৰ নিচিনাকৈ ফুলিব”, “শস্যৰ দৰে পুনর্জীৱিত হ’ব, দ্রাক্ষা লতাৰ নিচিনাকৈ ফুলিব ।” আৰু যীচুৱেও আমাক কৈছে “আৰু পথাৰৰ কণাৰি ফুল কেনেকৈ বাঢ়ে তাক গমি চোৱা।” লূক ১২:২৭ পদ । নিজৰ যত্নত বা শক্তি বা ইচ্ছাত কোনো উদ্ভিদ গজি উঠিব নোৱাৰে, কিন্তু ঈশ্বৰ প্রদত্ত প্ৰকৃতিৰ পৰিবেশত সেইবোৰ গজি উঠে । নিজৰ ইচ্ছা বা শক্তিবে শিশুৱেও তাৰ নিজৰ পূৰ্ণ অৱস্থালৈ বৃদ্ধি পাব নোৱাৰে, তদ্রুপ আপুনিও আত্মিক বৃদ্ধিত উপনীত হ’ব নোৱাৰে । গছ পুলিয়েই হওক বা নৱজাত শিশুৱেই হওক আমাৰ চাৰিওফালে আৱৰি থকা প্ৰকৃতিৰ পবিবেশব সান্নিধ্যত জীৱন বিকাশ পায়, যেনে পানী, বায়ু, সূৰ্যৰ কিৰণ, আহাব ইত্যাদি। উদ্ভিদ আৰু প্রাণী, জগতৰ নিমিত্তে এইবোৰেই প্ৰকৃতিৰ অৱদান । সেই একেদৰে খ্রীষ্টত ভাৰষা কৰা ব্যক্তিসকলৰ বাবে তেৱেই “অনন্তকলীয়া জ্যোতি ।” যিচয়া ৬০:১৯ পদ ; সূৰ্য্য আৰু ঢাল স্বৰূপ গীতমালা ৮৪:১১ পদ ; “তেওঁ ইস্রায়েললৈ নিয়ৰ স্বৰূপ” (হোচেয়া ১৪:৫ পদ); “কটা ঘাঁহৰ মূঢ়াত দিয়া বৰষুণৰ নিচিনাকৈ নামি আহিব” (গীতমালা ৭২:৬ পদ); “জীৱন জলব ভুমুক” (যোহন ৪:১৪ পদ) ; “স্বৰ্গৰ পৰা নামি অহা জীৱন দিওঁতা আহাৰ ।” যোহন ৬:৩৩ পদ।SCAsm 48.3

    সমগ্র বিশ্বখনতে বায়ুৰে পৰিপূৰ্ণ হৈ থকাৰ দৰে ঈশ্বৰে তেওঁৰ পুত্ৰৰ অতুলনীয় অনুগ্রহ বৰৰ পৰিবেশেৰে বিশ্বখনত ভৰপুৰ কৰিলে । এতিয়া যিসকল নৰ-নাৰীয়ে জীৱন দিওঁতা উৎসৰ পৰা শ্বাস-প্রশ্বাস ল’বলৈ হাবিয়াহ কৰে সেইজন নিশ্চয় জীয়াই থাকিব আৰু খ্রীষ্ট যীচুত সম্পূর্ণ আকৃতিত স্থিতি ল’ব । উজ্জ্বল পোহৰ আহৰণ কৰি নিখুঁত সৌন্দর্য আৰু দেখনিয়াৰ হ’বলৈ ফুলে যেনেকৈ সূর্যৰ ফালে ঘূৰে, এই উদাহৰণ অনুসৰণ কৰি আমিও আমাৰ জীৱনত স্বর্গব পোহৰব প্ৰভাৱ আহৰণ কৰি খ্রীষ্টৰ সৌন্দর্য, শুদ্ধতা, আৰু সদমতিত এক হ’বলৈ তেওঁলৈ ঘূৰোহঁক । SCAsm 49.1

    যীচুৱে একে কথাকে কৈ শিকাই যে, “তোমালোকে মোত থাকা আৰু মইয়ো তোমালোকত থাকিম । দ্রাক্ষালতাত লাগি নাথাকিলে, ডালে কেনেকৈ নিজ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে তোমালোকেও নোৱাৰা ।” যোহন ১৫:৪,৫ পদ। গা-গছৰ লগত সংযুক্ত হৈ থকা ডালে যেনেকৈ ফল ধৰে, তেনেকৈ পৱিত্ৰ জীৱন-যাপন কৰিবলৈ আপুনি খ্রীষ্টত নিৰ্ভৰ কৰিবই লাগিব। তেওঁৰ অবিহনে আপোনাৰ জীৱন শূন্য। অনুগ্রহ আৰু পৱিত্ৰতাত বৃদ্ধি পাবলৈ, তেওঁলৈ আহক । কিয়নো খ্রীষ্টত থাকি আপুনি মৰহি নগৈ জীৱন পাব, ফল ধৰিব আৰু নৈৰ দাঁতিত ৰোৱা বৃক্ষৰ নিচিনা হ’ব ।SCAsm 49.2

    অনেকৰ মতে মুক্তি বা উদ্ধাৰ পাবলৈ নিজ বুদ্ধি, জ্ঞানেৰে কিবা এটা কৰিলেই হয়, যেনে— কোনো সাধু-সন্ন্যাসীৰ সঙ্গ লোৱা, তীর্থযাত্রা, পূণ্য স্নান, মৌনব্রত, দান-দক্ষিণা দিয়া ইত্যাদি ইত্যাদি। আকৌ বহুতে ভাবে যে, পাপৰ পৰা মুক্তি পাবলৈ বা উদ্ধাৰ পাবলৈ খ্রীষ্টত বিশ্বাস কৰিবই লাগিব, কিন্তু পাছত পুনৰাই নিজৰ ওপৰত নিৰ্ভৰ কৰি চলি যাবলৈ বিচাৰে । কিন্তু মানুহৰ এনে প্রচেষ্টা ব্যর্থ, কিয়নো যীচুৱে স্পষ্টকৈ কৈছে — “মোৰ অবিহনে তোমালোকে একো কৰিব নোৱাৰা ।” অনুগ্ৰহত আমাৰ বিকাশ পোৱা, আমাৰ আনন্দ, আমাৰ আন আন প্রয়োজনীয়তা খ্রীষ্টৰ সৈতে থকা সহভাগিতাৰ ওপৰত নিৰ্ভৰ কৰে । তেৱেঁই আমাৰ বিশ্বাসৰ আদি আৰু অন্ত । তেওঁ আজি, কালি আৰু সদাকালৰ নিমিত্তে একে হৈ আছে । কাৰণ তেওঁ সদাকালৰ নিমিত্তে আমাৰ লগত বাস কৰিব । দায়ুদে কৈছে — “মই যিহোৱাক সদায় মোৰ সন্মুখত ৰাখো; তেওঁ মোৰ সোঁহাতে থকাত লব-চৰ নহ’ম।” গীতমালা ১৬:৮ পদ ।SCAsm 50.1

    আপুনি সুধিব পাৰে, “মই খ্রীষ্টত কেনেকৈ থাকিম ?” শাস্ত্ৰত কৈছে, “এতেকে তোমালোকে প্রভু যীচুক যেনেকৈ গ্রহণ কৰিলা, তেনেকৈ তেওঁত চলা।” ( কলচীয়া ২ : ৬ পদ ) ; “ধার্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ।” ( ইব্রী ১০:৩৮ পদ)। আপুনি তেওঁক ত্রাণকৰ্ত্তা বুলি গ্ৰহণ কৰি তেওঁৰেই পৰিচৰ্য্যা কৰিবলৈ দৃঢ় প্রতিজ্ঞ হোৱাত এতিয়াৰে পৰা আপুনি তেওঁৰ আৰু তেওঁ আপোনাৰ হ’ল । এইক্ষণৰে পৰা তেওঁ আপোনাৰ হৃদয়ত বাস কৰি আত্মিক শক্তি যোগাই, চলিবলগীয়া পথত আপোনাক অগ্ৰসৰ হ’বলৈ দিব । প্রথম কর্ম হিচাবে প্রত্যেক পুৱাতে নিজকে ঈশ্বৰলৈ উৎসর্গ কৰি প্রার্থনা কৰক; হে প্রভু, মোক তুমি সম্পূৰ্ণৰূপে গ্রহণ কৰা, মোৰ আটাই জ্ঞান-বুদ্ধি তোমাৰ চৰণত অৰ্পণ কৰিছো । আজিৰ দিনটো তুমি মোক তোমাৰ পৰিচৰ্যাৰ অর্থে ব্যৱহাৰ কৰা, আৰু মই কৰা আটাইবিলাক কর্ম তোমাৰ দ্বাৰাই সিদ্ধ হয় যেন’ । খ্রীষ্টত আশ্রয় লোৱা জীৱনেই শান্তিৰ জীৱন । ইয়াত হর্ষ, আনন্দ অনুভৱ নহ’লেও শান্তিয়ে বিৰাজ কৰা স্থানত বাস কৰিব পাৰি । আপোনাৰ আশা-আকাংক্ষা এতিয়াৰ পৰা আপোনাৰ নহয়, খ্রীষ্টতহে । আপোনাৰ দুর্বলতা তেওঁৰ মহান সবলতাৰ সৈতে, আপোনাৰ অজ্ঞানতা তেওঁৰ অসীম জ্ঞানৰ সৈতে, আপোনাৰ অক্ষমতা তেওঁৰ অসীম ক্ষমতাবে সৈতে একত্রিত কৰা হ’ল । এতিয়া আপোনাৰ কৰ্ত্তব্য কেৱল খ্রীষ্টলৈ দৃষ্টিপাত কৰা । তেওঁৰ নিষ্কলংকিত পৱিত্ৰ, শুদ্ধ, সৌন্দর্যতাপূর্ণ আৰু মহান প্ৰেমৰ ওপৰত আপোনাক আধ্যাত্মিক ভাৱ প্রতিষ্ঠিত হ’বলৈ দিয়ক । খ্রীষ্টই তেওঁৰ নম্রতা, বিশুদ্ধতা, পৱিত্ৰতা আৰু অতুলনীয় প্ৰেমৰ কাৰ্য্যৰ প্রাসঙ্গিকতা কেৱল আমাৰ মুক্তিৰ কাৰণেহে। সেয়ে আমি তেওঁক প্রেম কৰাৰ দ্বাৰাই, তেওঁক অনুসৰণ কৰাৰ দ্বাৰাই, তেওঁৰ ওপৰত সম্পূর্ণ নির্ভৰ কৰাৰ দ্বাৰাই তেওঁৰ সাদৃশ্যত ৰূপান্তৰিত হওঁহক ।SCAsm 50.2

    যীচুৱে কৈছে- “মোৰ লগত থাকা” অর্থাৎ এই খণ্ড বাক্যটিয়ে যীচুত বিশ্রাম, স্থিৰতা, বিশ্বস্ততা এই ভাৱবোৰ প্ৰকাশ কৰিছে । আকৌ আমাক তেওঁলৈ আমন্ত্রণ দি কৈছে- “মোৰ ওচৰলৈ আহাঁ ...... মই তোমালোকক জিৰণি দিম।” (মথি ১১:২৮ পদ) । দায়ুদৰ লিখনিতো একে ভাৱ প্ৰকাশ পাইছে, “যিহোৱাৰ আগত শান্ত ভাৱে থাকি তেওঁলৈ অপেক্ষা কৰা ।” গীতমালা ৩৭:৭ পদ । যিচয়া ভাৱবাদীয়েও এইদৰে (৩০:১৫ পদ) আশ্বাস দিছে — “শান্ত হলেহে পৰিত্ৰাণ পাবা ; থিৰে থাকি বিশ্বাস কৰিলেহে পৰাক্ৰমী হ’বা।” নিষ্ক্রিয়তাত এই জিৰণি পোৱা নাযায় । কাৰণ প্ৰভুৰ আমন্ত্রণত জিৰণিৰ প্ৰতিজ্ঞা পৰিশ্ৰমৰ সৈতে নিহিত হৈ আছে। “মোৰ যুঁৱলি লোৱা ... নিজৰ মনত জিৰণি পাবা।” মথি ১১:২৯ পদ । যি ব্যক্তিয়ে মন-প্রাণ সম্পূর্ণ রূপে খ্রীষ্টত সঁপি দিয়ে সেইজনে তেওঁৰ কাৰণে অধিক পৰিশ্ৰম কৰিব ।SCAsm 51.1

    অহঙ্কাৰ ভাৱ থকা ব্যক্তিয়ে আনৰ গুণ প্রশংসা নকৰে । তেওঁ নিজক লৈয়ে আত্মবিভোৰ হৈ থাকে ; ঈশ্বৰৰ প্রতিও আগ্রহী নহয় । যি শক্তি আৰু জীৱনৰ উৎস খ্রীষ্টৰ যোগেদি ঈশ্বৰৰ পৰা পোৱা যায়, তালৈকো ভ্রূক্ষেপ নকৰে । খ্রীষ্টৰ সৈতে আমাৰ সম্বন্ধ, আমাৰ একতা বিচ্ছিন্ন কৰিবলৈ চয়তানৰ অহৰহ চেষ্টা। জগতৰ ফুৰ্ত্তি, আনন্দ, সুখ, অভিলাষ ইত্যাদিত মতলীয়া কৰি ৰাখি সি আমাক খ্রীষ্টৰ সান্নিধ্যৰ পৰা বঞ্চিত কৰি ৰাখে। এতেকে চয়তানৰ প্ৰৰোচনাত ভোলগৈ অপথে নাযাব। অনেকে ঈশ্বৰৰ ওপৰত ভাৰষা ৰাখি পুনৰাই অতীতৰ পথলৈ উলটি গৈ নিজৰ সর্বনাশ মাতি অনা দেখা যায়। আমি আত্মকেন্দ্রিক হ’ব নালাগে। স্বার্থপৰ ভাৱ খ্রীষ্টত বিলীন হওক। সন্দেহ, ভয়, সংশয় দূৰ কৰি পাঁচনি পৌলৰ সৈতে কওকহঁক, “মই খ্ৰীষ্টৰ সৈতে ক্রুচত হত হ’লো ; মই জীছোঁ বুলিলেও সেয়ে আৰু মই নহয়, খ্রীষ্টহে মোত জীছে............. পুত্রত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ।” গালাতীয়া ২:২০ পদ।SCAsm 51.2

    যেতিয়া খ্ৰীষ্টই নিজেই মানৱ প্রকৃতি ধাবণ কৰিলে, তেতিয়া তেওঁ মানুহক, কোনেও চিঙিব নোৱাৰা, প্ৰেমৰ ডোলেৰে এক দৃঢ় বান্ধোনেৰে বান্ধিলে ; কেৱল মানুহে ইচ্ছা কৰিলে এই বন্ধনৰ পৰা আঁতৰি যাব পাৰে । মহাশত্রু চয়তানে একেৰাহে নানা প্রলোভনৰে এই বন্ধন চিঙাবলৈ ফুচলায়- যাতে আমি খ্রীষ্টৰ পৰা নিজে আঁতৰি থাকোঁ । এনে সময়ত আমি সতর্ক হওঁহক, যাতে অন্য (দুষ্ট) গৰাকীৰ অধীন নহওঁ । একেথৰে খ্রীষ্টলৈ দৃষ্টি বখা পৰলৈকে আমি নিৰাপদ অৱস্থাত থাকিম । তেওঁৰ হাতৰ বন্ধনৰ পৰা কোনেও আমাক কাঢ়ি নিব নোৱাৰিব ; সাধু পৌলে ২ কৰিন্থীয়া ৩:১৮ পদত কোৱাৰ দৰেই, “প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে, সেই গৌৰৱৰ পৰা গৌৰৱ পাই .... একে মূৰ্ত্তি হ’ব লাগিছো” ।SCAsm 52.1

    তেতিয়াৰ সময়ৰ শিষ্যবিলাকেও তেওঁলোকৰ প্রিয় ত্রাণকৰ্ত্তা জনাৰ সান্নিধ্যতা লাভ কৰিছিল । কিয়নো তেওঁবিলাকে যীচুৰ প্ৰত্যেকটো কথাই মন দি শুনিছিল । এই কাৰণে যে, তেওঁবিলাকে বিচৰাজনাক পালে আৰু তেওঁৰ মতে চলিলে তেওঁবিলাকে যীচুৰ সৈতে— কাৰোবাৰ ঘৰত, খোৱাৰ মেজত, কোনো নির্জ্জন ঠাইত, মুকলি চৰণীয়া পথাৰত, একেলগে সময় অতিবাহিত কৰিছিল । তেওঁবিলাকে নম্রভাৱে যীচুৰ শিক্ষাবোৰ শুনিছিল । গবাকীয়ে নিজ দাসক কর্ত্তব্য কৰিবলৈ আজ্ঞা দিয়াৰ দৰে তেওঁবিলাকেও কর্ত্তব্যৰত হৈ থাকিবলৈ তেওঁৰ মুখৰ আজ্ঞালৈ বাট চাইছিল । সেই শিষ্যবিলাক, যাকোব ৫:১৭ পদত কোৱা মতে, ‘ আমাৰ নিচিনা সুখ-দুখ ভোগী মানুহ আছিল । আমাৰ দৰে সিবিলাকেও পাপৰ বিৰুদ্ধে সংঘর্ষ কৰিবলগীয়া হৈছিল । এক পৱিত্ৰ জীৱন-যাপন কৰিবলৈ আমাৰ দৰেই অনুগ্রহৰ প্ৰয়োজন হৈছিল । আনকি অতি প্রিয় আৰু স্বয়ং ত্ৰাণকর্ত্তাৰ সাদৃশ্যেৰে জীৱন-যাপন কৰা শিষ্য যোহনেও তেনে অমায়িকতা গুণৰ অধিকাৰী হ’ব পৰা নাছিল । তেওঁৱো স্বমতত থকা, মান-প্রশংসা পোৱাৰ অতি আগ্রহী, অধৈর্যশীল, আক্রোশী মনৰ লোক আছিল । কিন্তু যেতিয়াই ঐশ্বৰিক জনাৰ পৱিত্ৰ গুণসমূহ তেওঁলৈ প্রকাশিত হ’ল, তেতিয়াই তেওঁ নিজৰ অসম্পূর্ণতাৰ খুঁত থকা অৱস্থা দেখিবলৈ পালে আৰু নিজকে নম্ৰ কৰিলে । যি শক্তি আৰু ধৈর্য, পৰাক্ৰম আৰু নম্রতা, ৰাজসিক গৌৰৱ আৰু বিনয়ী, ঈশ্বৰৰ পুত্র জনাব দৈনিক জীৱনত স্বচক্ষুৱে দেখা পাইছিল ; সেইয়াই তেওঁৰ অন্তৰ শ্ৰদ্ধা আৰু প্ৰেমেৰে ভৰপূৰ কৰি দিলে। তেওঁৰ হৃদয় প্রতিদিন এনেভাৱে খ্রীষ্টৰ প্ৰতি আকর্ষিত হ’বলৈ ধৰিলে যে, তেওঁ নিজ প্রভৃৰ প্ৰেমত লীন হৈ গ’ল । খ্রীষ্টৰ পুনৰ গঢ়ি লোৱা শক্তিত তেওঁৰ আটাই পুৰণি স্বভাৱবোৰ নাইকিয়া হ’ল । পৱিত্র আত্মাৰ পুনৰুদ্ধাৰ কৰা শক্তিয়ে তেওঁৰ হৃদয় নতুন কৰিলে আৰু খ্রীষ্টৰ প্ৰেমৰ শক্তিয়ে তেওঁৰ দোষবোৰৰ পৰিবৰ্ত্তন সাধিলে । এইয়াই হ’ল খ্রীষ্টত বাস কৰাৰ নিশ্চিত পৰিণাম । খ্রীষ্ট যেতিয়াই আমাৰ হৃদয়ত বাস কৰে, আমাৰ জীৱন সলনি হয় আৰু আমাৰ মন-প্রাণ, আটাই ভাৱধাৰা ঈশ্বৰ আৰু স্বৰ্গমুখী কৰি তোলে ।SCAsm 52.2

    খ্রীষ্টৰ স্বর্গাৰোহণৰ সময়তো তেওঁৰ অনুগামী সকলৰ মাজত তেওঁৰ উপস্থিতি অনুভূতি সজীৱ হৈ আছিল । তেওঁক ওপৰলৈ তুলি নিয়াৰ ক্ষন্তেক আগতে তেওঁ কৈছিল- “চোৱা জগতৰ শেষলৈকে মই সদায় তোমালোক সঙ্গে সঙ্গে আছে।” মথি ২৮:২০ পদ ।SCAsm 53.1

    খ্রীষ্টৰ স্বর্গাৰোহণৰ পাছত শিষ্যবিলাকে একগোট হৈ থাকি শ্রদ্ধা আৰু ভক্তিত গদ্ গদ্ হৈ তেওঁৰ সেই একেই আশ্বাসযুক্ত বাণীকে সমস্বৰে পুনৰ উচ্চাৰণ। কৰিলে, “পিতৃৰ আগত যদি কিবা খোজা, তেন্তে মোৰ নামেৰে তোমালোকক তাক দিব । এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই ; তোমালোকৰ আনন্দ যেন সম্পূর্ণ হয়, এই কাৰণে খোজা, তেহে পাবা।” যোহন ১৬:২৩, ২৪ পদ । তেওঁ বিলাকে বিশ্বাসৰ হাত অধিক অধিককৈ ওপৰলৈ তুলি বলিষ্ঠ যুক্তিৰে কৈছিল-- “যিজনা মবিল, এনেকি, মৃত বিলাকৰ মাজৰ পৰা তোলাও হ’ল, সেইজনা খ্রীষ্ট যীচু ; তেওঁ ঈশ্বৰৰ সোঁ ফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।” ৰোমীয়া ৮:৩৪ পদ। যীচুৱে কৈছিল, “যিজনাই তোমালোকৰ লগত থাকিব” (যোহন ১৪:১৭ পদ চাওক)। সেই শান্তনাদাতা জনা পঞ্চাশ দিনীয়া পৰ্বৰ দিনা উপস্থিত হ’ল । যীচুৱে আৰু কৈছিল- “মই যোৱাই তোমালোকৰ হিতহে; কিয়নো মই নগ’লে, তোমালোকলৈ সেই সহায়কৰ্ত্তা নাহিব ; কিন্তু মই গলে, তোমালোকলৈ তেওঁক পঠাই দিম ।” যোহন ১৬:৭ পদ । এতিয়াৰে পৰা আত্মাৰ ৰূপত খ্রীষ্ট সদায় তেওঁৰ সন্তান বিলাকৰ হৃদয়ত বাস কৰিব। আৰু সেই আত্মাৰ দ্বাৰাই অনুপ্রাণিত হৈ আনক খ্রীষ্টৰ বিষয়ে সাক্ষ্য প্রদান কৰিব ; “এনে সাহস দেখি, আৰু তেওঁলোক অপণ্ডিত সামান্য মানুহ যেন বুজি, তেওঁবিলাকে বিস্ময় মানিলে ; আৰু তেওঁলোক যীচুৰ সঙ্গী আছিল বুলি তেওঁলোকক চিনি পালে।” পাচনি কর্ম ৪:১৩ পদ।SCAsm 53.2

    যীচুৱে তেওঁৰ সৰু দলটো গোট খোৱাই এই শেষ প্রার্থনা কৰিছিল ; তেওঁ প্রার্থনাত কৈছিল — “কেৱল এওঁবিলাকৰ নিমিত্তে মই নিবেদন কৰোঁ, এনে নহয়, কিন্তু এওঁ বিলাকৰ বাক্যৰ দ্বাৰাই মোত বিশ্বাস কৰা সকলো বিলাকৰ নিমিত্তেও নিবেদন কৰোঁ।” যোহন ১৭:২০ পদ। ইয়াৰ ওপৰিও আমি আটায়ে যেন এক হওঁ, তাৰ বাবেও যীচুৱে প্রার্থনা কৰিছিল । কিয়নো তেওঁ স্বর্গীয় পিতৃৰ সৈতে এক আছিল । তেওঁ নিজৰ বিষয়ে কৈছে- “পুত্রই নিজে একো কর্ম কৰিব নোৱাৰে।” “কিন্তু পিতৃয়ে মোত থাকি তেওঁৰ কাৰ্য্যবোৰ সাধন কৰে, যোহন ৫:১৯ আৰু ১৪:১০ পদ চাওক ।SCAsm 54.1

    এতেকে আমি জানো যে, খ্রীষ্ট আমাৰ হৃদয়ত বাস কৰি, তেওঁৰ কৰ্মও আমাত সিদ্ধ কৰিব। ‘কিয়নো ঈশ্বৰেই নিজৰ হিত-সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য্য-সাধন কৰা, এই উভয়ৰ সাধনকৰ্ত্তা হৈছে ।” ফিলিপীয়া ২:১৩ পদ। আত্মিক বিকাশত গঢ় ল’বলৈ হ’লে, আমি তেওঁত আশ্রয় ল’বই লাগিব । কিয়নো শাস্ত্ৰত কৈছে- “কিন্তু প্রেমত সত্যাৱলম্বী হৈ, যি খ্রীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত বৃদ্ধি পাওঁ ।” ইফিচীয়া ৪:১৫ পদ।SCAsm 54.2

    Larger font
    Smaller font
    Copy
    Print
    Contents