Loading...
Larger font
Smaller font
Copy
Print
Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    পাপীক খ্রীষ্টৰ প্ৰয়োজন

    মানুহক আদিতে মহৎ ভাৱাপন্ন শক্তি আৰু এক স্থিৰ ভাৰসাম্য থকা মন প্ৰদান কৰা হৈছিল । মানুহ এই আটাইবোৰ গুণেৰে বিভূষিত হোৱাত ঈশ্বৰৰ সৈতে এক সুমধুৰ সম্বন্ধ আছিল। কিন্তু মানুহ ঈশ্বৰৰ আজ্ঞাৰ অবাধ্য হোৱাত, ইয়াক প্ৰদান কৰা শক্তি আৰু গুণসমূহ প্রকৃত ব্যৱহাৰৰ পৰিবর্তে অপব্যৱহৃত হ’ল আৰু স্বার্থপৰতাই প্ৰেমৰ স্থান অধিকাৰ কৰিলে । মানুহে পাপ কৰাৰ ফলত, কুশক্তিক নিজ ইচ্ছাৰে প্ৰতিৰোধ কৰাত অক্ষম হ’ল। ফলত, মানুহ চয়তানৰ দাস হ’ল আৰু ঈশ্বৰ উচিত সময়ত মধ্যস্থকাৰী নোহোৱা হ’লে, সি চিৰকালৰ নিমিত্তে তাৰ দাসত্বত থাকিলহেঁতেন। বিশেষকৈ মানুহ সৃষ্টিৰ এই ঐশ্বৰিক আঁচনিত ব্যাঘাত জন্মোৱা আৰু এই জগতখনত দুখ-দুর্দশাৰে পৰিপূৰ্ণ কৰাই চয়তানৰ মুখ্য উদ্দেশ্য আছিল । সি তাৰ নির্দ্দোষিতা প্রমাণ কৰিবলৈ এই আটাই দুখ-দুর্দশাবোৰ ঈশ্বৰে মানুহ সৃষ্টি কৰাৰ ফল স্বৰূপ, এই বুলি আঙুলিয়াই অভিযোগ কৰে। SCAsm 12.1

    মানুহৰ নিস্পাপ অৱস্থাত, ঈশ্বৰৰ সৈতে এক অতি আনন্দৰ আৰু সমধুৰ সম্বন্ধ আছিল, কাৰণ ” সেই খ্রীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।” কলচীয়া ২ : ৩ পদ। কিন্তু পাপ কৰাৰ পাছত মানুহে সেই পৱিত্র বন্ধনৰ সুখ-আনন্দৰ পৰা বঞ্চিত হৈ, নিজকে অপৰাধী বুলি জানি, ঈশ্বৰৰ সন্মুখৰ পৰা আঁতৰি আহি লুকাবলৈ বাধ্য হ’ল । তদ্রুপ অৱস্থা আজিও, কঠিন কৰি মন পালটন নকৰা, অনেক লোক আছে আৰু সিহঁত ঈশ্বৰৰ পৰা আঁতৰি থাকে। এনে লোকবিলাকে, ঈশ্বৰে সৈতে মিল হৈ, তেওঁৰ আনন্দ আৰু সুখসান্নিধ্যত থাকিবলৈ ভাল নাপায় ; তেওঁৰ উপস্থিতি সহ্য কৰিব নোৱাৰে, আৰু তেওঁৰ কাষৰ পৰা আঁতৰি থাকে। ঈশ্বৰৰ যি পৱিত্র আনন্দ, শান্তি, মৰম, প্রেম, দয়া, অনুগ্রহ আদি সিবিলাকৰ নিমিত্তে মূল্যহীন। এইয়া ঈশ্বৰৰ একচেটীয়া নীতি বা বিষয় নহয় যে দুষ্ট লোকক স্বৰ্গত প্রবেশ কৰাৰ পৰা বঞ্চিত কৰিব, বৰং সিবিলাকেহে নিজৰ কৰ্মদোষ আৰু অপৰাধ ধাৰণ কৰি থকাৰ নিমিত্তেহে স্বৰ্গৰ অধিকাৰী হোৱাৰ পৰা নিজকে বঞ্চিত কবে । সিবিলাকৰ নিমিত্তে ঈশ্বৰৰ প্ৰতাপ- গ্রাসকাৰী অগ্নিস্বৰূপ হ’ব, মৃত্যুক আঁকোৱালী ল’ব ; তথাপিও যিজনাই সিবিলাকৰ উদ্ধাৰৰ নিমিত্তে নিজৰ প্ৰাণ আহুতি দিলে, তাক জানিও, সেই মুক্তিদাতা জনাৰ পৰা ইচ্ছাকৃত ভাৱে আঁতৰি থাকে।SCAsm 12.2

    ই ধ্ৰুৱ সত্য যে পাপৰ পংকিলতাত ডুৱ যোৱাৰ পৰা আমি, নিঃসহায় মানুহে, নিজকে নিজে কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰোঁ। “অশুচিৰ পৰা শুচি কোনে উলিয়াব পাবে ? কোনেও নোৱাৰে ।” ইয়োব ১৪:৪ পদ । “কিয়নো মাংসৰ ভাৱ, ঈশ্বৰলৈ শত্রুতা ; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে ।” ৰোমীয়া ৮:৭ পদ । শিক্ষা, বিজ্ঞান, কলা-সংস্কৃতি, ইচ্ছা-শক্তি, মানৱ উৎসাহ-উদ্যম ইত্যাদি আটাইবোৰেই নিজ নিজ কক্ষত অবিৰাম গতি কৰিয়েই আছে ; বিকাশৰ পথত আগবাঢ়ি গৈ আছে, কিন্তু পতিত মানৱক উদ্ধাৰ কৰিবলৈ এই আটাই বিদ্যা-বুদ্ধিবোৰ শক্তিহীন । কিয়নো — এইবোৰৰ দ্বাৰাই মানুহৰ বাহ্যিক আচাৰ-ব্যৱহাৰৰ সংস্কাৰহে কৰিব পাবে, কিন্তু মানৱ হৃদয় পৰিবর্ত্তন কৰিব নোৱাৰে ; জীৱন জলৰ ভুমুকক শুচি কৰিব নোৱাৰে । ওপৰৰ পৰা এনে এক আন্তৰন্থ শক্তি প্রৱাহিত হ’ব লাগিব, যি শক্তিয়ে মানুহৰ জীৱনত পাপৰ পৰা পৱিত্ৰতালৈ পৰিবৰ্ত্তন সাধন কৰিব পাৰে । সেই শক্তিয়েই খ্রীষ্ট । কেৱল তেওঁৰ অনুগ্ৰহৰ দ্বাৰাইহে অকামিলা, জীৱনহীন আত্মাক পুনৰজীৱিত কৰি ঈশ্বৰ আৰু তেওঁৰ পৱিত্ৰতালৈ আকর্ষিত কৰিব পাৰে ।SCAsm 13.1

    ত্রাণকৰ্ত্তা যীচুৱে কৈছে — “নতুনকৈ জন্ম নাপালে” অর্থাৎ নতুন হৃদয়, নতুন আশা-আকাঙ্খা, নতুন উদ্দেশ্য, নতুন মনোভাৱ, এইবোৰেহে নতুন জীৱনলৈ চলাই নিয়ে, “কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে ।” যোহন ৩:৩ পদ । প্রাকৃতিক বা জাগতিক প্রচলিত নীতি-নিয়মৰ দ্বাৰাই মানুহৰ আন্তৰিক বিষয়টো পৰিবর্ত্তন কৰাটো এক দুর্যোগপূর্ণ প্ৰৱঞ্চনা মাথোন। “কিন্তু স্বাভাৱিক (জাগতিক জ্ঞান-বিদ্যাত নির্ভৰ কৰা) মানুহে ঈশ্বৰৰ আত্মাব কথা গ্রাহ্য নকবে ; কিয়নো তেওঁৰ মানত সেয়ে মুখতা আৰু তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে ; কিয়নো আত্মিক ৰূপেহে তাক বিচাৰ কৰা হয় ।” ১ম কৰিন্থীয়াSCAsm 13.2

    যিজনেই পাপৰ ভাৰৰ পৰা উদ্ধাৰ পাবলৈ ইচ্ছা কৰিছে, ঈশ্বৰৰ আত্মাই নানা প্রকাৰে সেই মুক্তিৰ পথ সহজ সৰল ভাৱে প্ৰকাশ কৰি দিছে। যেতিয়া যাকোবে, এচৌক প্ৰৱঞ্চনাৰে পাপ কৰি, নিজ পিতৃ গৃহৰ পৰা পলাই যোৱাত, আত্ম অনুশোচনাত আৰু নির্জ্জন আৰু অকলশৰীয়া হৈ সমাজ আৰু প্রিয় আপোনজনৰ পৰা পৰিত্যক্ত হোৱাৰ চিন্তাত ভাগি পৰিলেও এটা বিশেষ চিন্তা-দুঃখ আৰু বেজাৰত তেওঁৰ অন্তৰআত্মা বৰকৈ কান্দি উঠিছিল ; কাৰণ ঈশ্বৰৰ দৃষ্টিত পাপ কৰি তেওঁৰ পৰা পৃথক হ’ল । চাৰিওফালে পর্বতেৰে আগুৰি থকা মাজৰ এক সমতল ভূমিত দুখে-বেজাৰে জৰ্জৰিত হৈ, ওপৰত তৰাৰে জিকমিকাই থকা মুকলি আকাশলৈ মুখ তুলি শুই পৰিল । শুই থকা অৱস্থাতেই এটা তীব্র জ্যোতিৰ দৰ্শনে তেওঁৰ টোপনি ভাঙি দিলে ; আৰু চকু মেলি দেখিলে যে - তেওঁ শুই থকা ঠাইৰ পৰা স্বৰ্গৰ দুৱাৰলৈকে লগ লগা এখন জখলা, ২:১৪ পদ । “নতুনকৈ তোমালোকৰ জন্ম হ’ব লাগে, মই যে তোমাক এই কথা ক’লো, ইয়াত বিস্ময় নামানিবা।” যোহন ৩:৭ পদ । খ্রীষ্টৰ বিষয়ে এইদৰে লিখা আছে, “জীৱন তেওঁতহে ; সেই জীৱনেই মানুহৰ পোহৰ।” যোহন ১:৪ পদ। “..... কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, সৰগৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই । পাচনি কর্ম ৪:১২ পদ ।SCAsm 14.1

    ঈশ্বৰৰ দয়া আৰু মমতা, পিতৃ সুলভ মৰম, তেওঁৰ ন্যায় গুণসমূহ প্ৰেমৰ ভিত্তিৰ ওপৰত প্রতিষ্ঠিত অনন্তকলীয়া বিধানৰ ন্যায় বিচাৰ, এইবোৰ জনাটোৱেই যথেষ্ট নহয় । পাঁচনি পৌলে উপলব্ধি কৰি এইদৰে কৈছিল “.... বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ।” ৰোমীয়া ৭:১৭ পদ। “এই কাৰণে বিধান পৱিত্ৰ, আজ্ঞাও পৱিত্ৰ, ন্যায় আৰু উত্তম” ৰোমীয়া ৭:১২ পদ । তেওঁ নিজকে পৱিত্ৰতাত আৰু ধার্ম্মিকতাত উপনীত হোৱাৰ অসহায় অৱস্থা বুজি বিলাপ কৰি কৈছিল- “হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব ?” ৰোমীয়া ৭:২৪ পদ । অতীতৰে পৰা অসহনীয় পাপৰ ভাৰত সকলো ঠাইতে মানৱ হৃদয়ৰ ক্ৰন্দনৰ একেই স্বৰ শুনা গৈছে, কিন্তু আটাই মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে কেৱল এটাই মাত্র সমিধান আছে — “জগতৰ পাপ নিওঁতা, ঈশ্বৰৰ মেৰ পোৱালীক চোৱা।” যোহন ১:৩০ পদ। অর্থাৎ খ্রীষ্টলৈ দৃষ্টি কৰক। আৰু ঈশ্বৰৰ দূত বিলাকে সেই জখলাই দি সৰগৰ পৰা পৃথিৱীলৈ আৰু পৃথিৱীৰ পৰা সৰগলৈ উঠা-নমা কৰিছে ; অকল সেয়ে নহয়, তেওঁ এটি শান্তনা ও আশাৰ ঐশ্বৰিক বাণীও শুনিবলৈ পালে যে তেওঁৰ আত্মাই হাবিয়াস কৰা এক ত্রাণকৰ্ত্তাৰ প্ৰয়োজন । তেওঁৰ নিচিনা পাপী এজনৰ সৈতে ঈশ্বৰে পুনৰাই সম্বন্ধ যোগাযোগ ৰাখিব, এই প্রতিজ্ঞাত, তেওঁ আনন্দ আৰু কৃতজ্ঞতাৰে অনুপ্রাণিত হৈ এটা নিশ্চিত মুক্তি পথ দেখিবলৈ পালে। যাকোবে সপোনত দেখা সেই ৰহস্যজনক জখলাটো ঈশ্বৰ আৰু মানুহৰ মাজৰ একমাত্র মধ্যস্থতাকাৰী যীচু খ্রীষ্টকেই সূচায়।SCAsm 15.1

    যীচুৱে এই একেই ছবিৰ বা দৃশ্যৰ বিষয়ে নথনেলৰ সৈতে কথাবতৰা হওঁতে এইদৰে কৈছিল — “তোমালোকে সৰগৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰৰ ওপৰত ঈশ্বৰৰ দূত বিলাকক উঠা আৰু নমা দেখিবা।” যোহন ১:৫১ পদ। ঈশ্বৰৰ আজ্ঞাৰ উল্লঙ্ঘন কৰি কৰা পাপৰ পৰিণাম—মানুহে নিজকে ঈশ্বৰৰ পৰা আঁতৰাই আনি তেওঁৰে সৈতে থকা সকলো যোগাযোগ বিচ্ছিন্ন কৰিলে । কিন্তু খ্রীষ্টৰ যোগেদি পতিত জগতখনক সৰগৰ সৈতে পুনৰাই সংযোগ কৰা হ’ল । যি পাপে এক বিৰাট চাকনৈয়াৰ সৃষ্টি কৰিছিল, খ্রীষ্টই নিজ প্ৰভাৱৰ বলেৰে তাৰ ওপৰত সাঁকো দি, বিপথগামী মানুহৰ সৈতে পুনৰাই সম্বন্ধ ৰাখিবৰ কাৰণে পৰিচৰ্য্যাকাৰী দূত বিলাকক আহ-যাহ কৰিব দিলে । এইদৰে পতিত, দুর্বল আৰু নিঃসহায় মানুহক, খ্রীষ্টই, অসীম শক্তিৰ উৎস, সৈতে সম্বন্ধ কৰি দিলে। এইয়াই আছিল অপথে যোৱা মানৱ জাতিক উদ্ধাৰ কৰাৰ ঈশ্বৰৰ আঁচনি ।SCAsm 16.1

    অসহায় আৰু দুর্বলী মানুহৰ প্ৰতি যিজনাই আশা আৰু শক্তিৰ উৎস, তেওঁক অগ্রাহ্য কৰি, নিজ শক্তিত আৰু কৰ্মত ভাৰষা কৰি মানুহে কেতিয়াও ঈশ্বৰৰ নিরূপিত লক্ষ্যত উপনীত হ’ব নোৱাৰে । বৰং তাৰ আটাই প্রচেষ্টাই ব্যর্থ হ’ব । “সকলো উত্তম দান, আৰু সকলো সিদ্ধ বৰ” (যাকোব ১:১৭ পদ) ঈশ্বৰৰ পৰাহে হয়। ঈশ্বৰৰ ওচৰলৈ যোৱাৰ একমাত্র পথ খ্রীষ্ট । তেওঁ কৈছে “মইয়েই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ’লে পিতৃৰ ওচৰলৈ কোনো নাযায়।” যোহন ১৪:৬ পদ। মানৱ সন্তান প্রতি, ঈশ্বৰৰ মৰমৰ ব্যাকুলতাক, মৃত্যুতকৈয়ো বলৱান প্রেমেবে প্রতিফলিত কৰিলে । সৰগৰ একমাত্র উপহাব, ঈশ্বৰৰ অদ্বিতীয় পুত্ৰক, আমাৰ কাৰণে এই মরুময় জগতলৈ পঠালে । ত্রাণকৰ্ত্তাজনাৰ জীৱন আৰু মৰণ আৰু মধ্যস্ততাকাৰী হোৱা, স্বর্গদূতৰ পৰিচৰ্য্যা, পবিত্র আত্মাৰ অনুযোগ, এই সকলোবোৰৰ ওপবিও পিতৃয়ে স্বর্গবাসী লোকৰ নিৰবিচ্ছিন্ন স্বার্থৰ অৰ্থে মানৱ জাতিৰ উদ্ধাৰৰ উদ্দেশ্যে তেওঁৰ আঁচনি আমাত সফল কৰিলে ।SCAsm 16.2

    আমি ঈশ্বৰৰ দয়া আৰু অনুগ্রহক অগ্রাহ্য কৰিব পাৰোঁ৷ নে ? কিন্তু তেওঁ আমালৈ ইয়াতকৈ আৰু অধিক কি কৰিব পাৰে ? এতেকে, যিজনাই তেওঁৰ সর্বস্ব ত্যাগেৰে আমাক প্ৰেম কৰিলে, আহক আমি তেওঁৰে সৈতে এক নিবিড় সম্পর্ক গঢ়ি তোলোহঁক । তেওঁ যি উপায় আমাক দেখুৱালে, তাৰ দ্বাৰাই আমি তেওঁৰ নিচিনা হ’বলৈ, আমাৰ জীৱনত পৰিবর্ত্তন আনি, পিতৃ আৰু তেওঁৰ পুত্ৰৰ সৈতে সহভাগীতা ৰাখোহঁক।SCAsm 17.1

    Larger font
    Smaller font
    Copy
    Print
    Contents