Loading...
Larger font
Smaller font
Copy
Print
Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    পাপ স্বীকাৰ

    “যি মানুহে নিজৰ অপৰাধ ঢাকে তাৰ কল্যাণ নহ’ব ; কিন্তু যিকোনোৱে তাক স্বীকাৰ কৰি ত্যাগ ক ৰে, তেওঁ কৃপা পাব” হিতোপদেশ ২৮:১৩ পদ।SCAsm 28.1

    ঈশ্বৰৰ দয়া লাভ কৰিবৰ উপায় অতি সৰল, ন্যায় আৰু সঙ্গতিপূর্ণ। পাপৰ পৰা ক্ষমা পাবৰ কাৰণে ঈশ্বৰে আমাক তেনে কোনো কঠোৰ কৰ্ম কৰিব দিয়া নাই। আমি দূৰণিবটীয়া আৰু ক্লান্তিকৰ তীর্থ ভ্রমণ কৰি, কোনো নদ-নদীক পৱিত্ৰ জ্ঞান কৰি সেই পানীত স্নান কৰি, নিজ শৰীৰক ক্ষত-বিক্ষত কৰি আঘাত কৰি, কঠোৰ ব্ৰতৰ দ্বাৰা নিজৰ শৰীৰ ও অন্তৰক দুখ দি ঈশ্বৰক আমাৰ পাপৰ প্রায়শ্চিত্তৰ অর্থে বাধ্য কৰোৱাৰ কোনো প্রয়োজন নাই। এইবিলাক মানুহে স্থাপন কৰা নানা বাহ্যিক ধর্ম-কর্মহে মাথোন ; বৰং ঈশ্বৰৰ জীৱনময় বাক্যই কৈছে “যি কোনোৱে নিজৰ পাপ ঈশ্বৰৰ আগত স্বীকার কৰি তাক ত্যাগ কৰে, তেওঁ কৃপা (দয়া) পাব।SCAsm 28.2

    শাস্ত্ৰত কৈছে, “এতেকে তোমালোক সুস্থ হ’বলৈ ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্রার্থনা কৰিবা।” (যাকোব ৫:১৬ পদ)। যিজনে ক্ষমা কৰিব পাৰে সেইজনা ঈশ্বৰৰ আগত পাপ স্বীকাৰ কৰক, আৰু দোষ-ত্রুটিবোৰ পৰম্পৰে স্বীকাৰ কৰক। যদি আপুনি আপোনাৰ বন্ধু-বান্ধৱৰ বা ওচৰ-চুবুৰীয়াৰ প্রতি কিবা দোষ কৰিছে, নাইবা তেওঁবিলাকেও যদি আপোনাৰ প্রতি তেনে ধৰণৰ অন্যায়-অবিচাৰ কৰিছে আৰু নিজৰ নিজৰ ভুল বুজি পাইছে, তেন্তে অকণো সংকোচ নকৰাকৈ ক্ষমা কৰাটো উভয় পক্ষৰে কর্ত্তব্য । কিয়নো ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি তেওঁৰ সন্তানক মনত আঘাত দিয়াত, তেওঁৰ সৃষ্টিকর্ত্তা আৰু উদ্ধাৰকর্ত্তাৰ দৃষ্টিত পাপ কৰিলে । আমাৰ একমাত্র সত্য মধ্যস্থতাকাৰী আৰু মহাপুৰোহিত যিজনা, “আমাৰ দুর্বলতাত হোৱা দুখত দুঃখিত হ’ব নোৱাৰে এনে নহয় ; কিন্তু তেওঁ বিনা পাপে সকলো বিষয়ত আমাৰ দৰে পৰিক্ষীত হৈছিল’ (ইব্রী ৪:১৫ পদ)।SCAsm 28.3

    যিসকলে নিজৰ পাপ, ভুল-ভ্রান্তিবোৰ স্বীকাৰ নকৰি ঈশ্বৰৰ আগত নিজকে নম্র নকৰি হৃদয় কঠিন কৰি আকোৰগোজ মনোভাৱ লৈ থকা এনে লোক বিলাকে কেতিয়াও তেওঁৰ আমন্ত্রণ গ্রহণ কৰিব নোৱাৰে । ঈশ্বৰৰ পৱিত্র বাক্যত উল্লেখ কৰা দৰে সিবিলাকে নিজ অন্তৰ নম্ৰ কৰিব নোখোজাৰ কাৰণেই ঈশ্বৰৰ আগত গ্রহণযোগ্য হোৱাৰ প্রথম স্বর্ত্ত্ব সিদ্ধ কৰিব পৰা নাই । সমজুৱা ভাৱেই হওক বা নির্জ্জন ভাৱেই হওক, পাপ স্বীকাৰ আন্তৰিকতাৰে আৰু স্বতঃস্ফূৰ্ত্ত বা স্বাভাৱিক ভাৱে প্ৰকাশ কৰিব লাগে । যেতিয়া সর্বঅন্তকৰণেৰে আৰু হৃদয় উজাৰি পাপ স্বীকাৰ কৰা হয়, তেতিয়া ঈশ্বৰৰ অসীম দয়াৰ পাত্র হয় । গীতমালাত কৈছে — “যিহোৱা ভগ্ন-চিত্তীয়া বিলাকৰ ওচৰ, খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে,” ৩৪ অধ্যায় ১৮ পদ।SCAsm 29.1

    চমুৱেলৰ সময়ত ইস্রায়েলবিলাক ঈশ্বৰৰ পৰা আঁতৰি বিপথগামী হৈছিল । সিবিলাকে কৰা অপৰাধৰ পৰিণাম ভোগ কৰিছিল, কিয়নো সিবিলাকে ঈশ্বৰৰ প্রতি অবিশ্বাসী হৈ, সঁচা-মিছা, ভাল-বেয়া, ন্যায়-অন্যায়, ধর্ম-অধর্ম একোৰে বিচাৰ কৰিব নোৱাৰা হ’ল । সিবিলাকে সমগ্র বিশ্বৰ মহান সৃষ্টিকর্ত্তা আৰু অধিকাৰীজনাব শাসন প্রণালীৰ পৰা আঁতৰি সিবিলাকৰ চাৰিওফালে আগুৰি বসতি কৰি থকা জাতিবিলাকক সিহঁতৰ নিজ নিজ জাতিৰ ৰজাই শাসন কৰাৰ দৰে সিবিলাকেও স্বজাতিৰ পৰাই এজন ৰজা পাবলৈ বাঞ্ছা কৰিলে । সিবিলাকে এই কথাত দোষী হৈ শাস্তি পোৱাৰ পূর্বে এই অপৰাধ স্পষ্টকৈ স্বীকাৰ কৰিছিল, “.... কিয়নো আমি আমালোকৰ নিমিত্তে ৰজা খোজাতে পাপৰ ওপৰি পাপ কৰিলো” ১ চমুৱেল ১২:১৯ পদ । সিবিলাকৰ অকৃতজ্ঞতাই সিবিলাকৰ হৃদয় দহিবলৈ ধৰিলে আৰু ঈশ্বৰৰ পৰাও পৃথক কৰিলে। বিনম্ৰতাৰে অনুতাপ আৰু সম্পূর্ণ পৰিবৰ্ত্তন অবিহনে ঈশ্বৰৰ আগত পাপ স্বীকাব গ্রহণযোগ্য নহয় । ঈশ্বৰৰ দৃষ্টিত থকা আমাৰ আটাই দোষণীয় আৰু ঘৃণনীয় কর্মবোৰ পৰিহাৰ কৰি এক নিশ্চিত পৰিবর্ত্তন আনিব লাগে । এইটোৱেই হ’ল পাপৰ নিমিত্তে প্রকৃত অনুতাপ কৰাৰ পদ্ধতি । আমি আমাৰ কৰণীয়খিনি শাস্ত্ৰত স্পষ্টকৈ এইদৰে কৈছে“তোমালোকে তোমালোকক ধুই শুচি হোৱা ; মোৰ চকুৰ আগৰ পৰা নিজ নিজ কর্মৰ দুষ্টতা দূৰ কৰা ; কদাচৰণ ত্যাগ কৰা, সদাচৰণ শিক্ষা ; ন্যায় বিচাৰ কৰিবলৈ পুৰুষাৰ্থ কৰা, অত্যাচাৰীক দণ্ড দিয়া, পিতৃহীনৰ বিচাৰ কৰা, বিধৱাৰ নিমিত্তে প্রতিবাদ কৰা।” যিচয়া ১:১৬, ১৭ পদ। “যদি দুষ্টই বন্ধক উলটাই দিয়ে, কাঢ়ি লোৱা বস্তু পুনৰায় দিয়ে, কোনো অপবাধ নকৰি জীৱনদায়ক বিধিবোৰত চলে, তেন্তে সি নিশ্চয়ে জীয়াই থাকিব, নমৰিব।” যিহিস্কেল ৩৩:১৫ পদ। অনুতাপ কার্যৰ বিষয়ে পৌলে কৈছে, “কিয়নো, চোৱা, ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা সেই মনোদুখেই তোমালোকৰ অন্তৰত কেনে যত্ন, কেনে দোষ খণ্ডন, কেনে বিৰক্তি, কেনে ভয়, কেনে হাবিয়াস, কেনে উৎসাহ, কেনে প্রতিকাৰ সাধন কৰিলে ! সেই কথাত তোমালোকে সকলো প্ৰকাৰে নিজকে নির্দ্দোষী দেখুৱাইছিলা।” ২ কৰিন্থীয়া ৭:১১ পদ।SCAsm 29.2

    পাপে যেতিয়া নৈতিক জ্ঞান, বোধশক্তি নাইকিয়া কৰি পেলায় তেতিয়া সেই ব্যক্তিজনে তেওঁ কৰা কু-কৰ্মৰ পৰিণাম কি হ’ব পাৰে তাক গম নাপায় ; আৰু যেতিয়ালৈকে পৱিত্ৰ আত্মাৰ দোষ সাব্যস্ত কৰা শক্তিৰ অধীন নহয়, তেতিয়ালৈকে তেওঁ নিজ পাপতেই আৱদ্ধ হৈ থাকিব । এনে লোকৰ পাপ স্বীকাৰ হৃদয়বিদাৰক আৰু অনুশোচনাপূর্ণ নহয় । কাৰণ তেওঁ পাপ স্বীকাৰ কৰি কয়, মই বাধ্যত পৰিহে পাপকর্ম কৰিলো, নহ’লে এনে কর্ম নকৰিলোহেঁতেন, এতেকে মই ক্ষমা পাবৰ যোগ্য।SCAsm 30.1

    নিষিদ্ধ ফল খোৱাৰ পাছত আদম আৰু হাৱা, দুয়ো লাজ আৰু ভয়ব। মানসিকতাত ভুগিব ধৰিলে । তেওঁবিলাকৰ প্ৰথম চিন্তা হ’ল কেনেকৈ পাপ কৰাৰ অজুহাত দেখুৱাই ভয়ানক মৃত্যু দণ্ডাজ্ঞাব পৰা ৰক্ষা পাব । যেতিয়া ঈশ্বৰে তেওঁবিলাকক পাপ কৰাৰ কাৰণ সুধিলে, তেতিয়া আদমে আংশিক ভাৱে ঈশ্বৰক আৰু আংশিক ভাৱে তেওঁৰ সহচৰী হাৱাক দোষ দি ক’ “আপুনি যিজনী তিৰোতা মোৰ সঙ্গিনী কৰি দিলে, সেই তিৰোতাই মোক সেই গছৰ ফল দিলত মই তাক খালোঁ । এইবাৰ নাৰীয়ে অর্থাৎ হাৱাই সক দোষ দি উত্তৰ দিলে “সৰ্পই মোক ভুলালতহে মই খালোঁ।” আদি ৩:১২,১৩ । এতিয়া উক্ত কথোপকথোন বিশ্লেষণ কৰি চালে দেখা যায়, হে ঈশ্বৰ আপুনি সাপ কিয় সৃষ্টি কৰিলে ? সাপক কিয় এদেনত প্ৰৱেশ কৰিব দিলে ? এনেধৰণৰ তুলুঙা অজুহাতৰ প্রশ্ন প্রয়োগ কৰি ঈশ্বৰকেই সিহঁতৰ পতনৰ দায়িত্ব আৰোপ কৰিলে । নিজকে নির্দ্দোষী আৰু ধার্মিক দেখুওৱা মনোভাৱ আদিৰে পৰাই মিছলীয়াৰ পিতৃৰ পৰা পোৱা, আৰু আদমৰ আটাই পো-নাতিয়ে তেতিয়াৰে পৰাই মিছাক ঢাল স্বৰূপে ব্যৱহাৰ কৰি আহিছে । ঐশ্বৰিক আত্মাৰ দ্বাৰাই অনুপ্রাণিত নহৈ, মানুহৰ জ্ঞানবুদ্ধিৰে কৰা পাপ স্বীকাৰ ঈশ্বৰৰ আগত গ্রহণযোগ্য নহয় । কিন্তু ওপবলৈ অর্থাৎ স্বৰ্গৰ ফালে মুখ কৰিবলৈ সাহস নাপাই সেই বেচেৰা কৰতোলাজনৰ দৰে গভীব অনুশোচনাৰে ক্ৰন্দন কৰক, “হে ঈশ্বৰ, পাপী যি মই, মোলৈ প্রায়শ্চিত্তৰ দ্বাৰাই প্রসন্ন হওক ” আৰু প্ৰতিজন অনুতাপিত পাপীৰ কাৰণে যীচুৱে নিজৰ তেজ লৈ পাপমোচনৰ অৰ্থে পিতৃৰ আগত নিবেদন কৰিব।SCAsm 30.2

    পৌলে নিজকে নিৰপৰাধী সাজি নিজৰ পাপ ঢাকিবাৰ চেষ্টা কৰা নাছিল, বৰং নিজৰ পাপ মুক্ত কণ্ঠে স্বীকাৰ কৰি এইদৰে কৈছে, “.... প্রধান পুৰোহিতৰ পৰা ক্ষমতা পাই, অনেক পৱিত্ৰ লোকক বন্দীশালত থৈছিলো ; আৰু তেওঁবিলাকক বধ কৰা সময়ত, তেওঁবিলাকৰ বিৰুদ্ধে সন্মতি প্ৰকাশ কৰিছিলো। আৰু নামঘৰে নামঘৰে তেওঁবিলাকক ঘনে ঘনে দণ্ড কৰি, তেওঁবিলাকে যিহঁতে ধর্মনিন্দা কৰিব, তালৈ কাৰবাৰ কৰিছিলো ; আৰু তেওঁবিলাকলৈ অতিশয় ক্রুদ্ধ হৈ, আনদেশৰ নগৰলৈকে তাড়না কৰিছিলো।” পাচনিকৰ্ম ২৬:১০,১১ পদ । পাছলৈ তেওঁ অকণো সংকোচবোধ নকৰাকৈ স্বীকাৰ কৰিছিল, “পাপীলোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে, যীচু খ্রীষ্ট যে জগতলৈ আহিল, .... সেই পাপীলোকৰ মাজত ময়েই প্রধান” ১ তীমথিয় ১:১৫ পদ ।SCAsm 31.1

    খেদিত আৰু ভগ্ন হৃদয়েবে বশীভূত হৈ ঈশ্বৰৰ আগত পাপ স্বীকাৰ কৰোঁতাজন কালবাৰীত প্রদর্শন কৰা ঈশ্বৰৰ প্ৰেমৰ আস্বাদ পাব, কিয়নো লিখা আছে, “কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে, বিশ্বাসী আৰু ধার্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে, আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে” ১ যোহন ১:৯ পদ ।SCAsm 31.2

    Larger font
    Smaller font
    Copy
    Print
    Contents