Loading...
Larger font
Smaller font
Copy
Print
Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    প্রার্থনাৰ ফল

    প্ৰকৃতিৰ যোগেদি প্রয়োজনীয় সময় সাপেক্ষে আৰু পৱিত্ৰ আত্মাৰ প্ৰভাৱৰ যোগেদি ঈশ্বৰে আমাক তেওঁৰ নিজৰ বিষয়ে প্রকাশ কৰি আহিছে । অকল তেওঁৰ প্রকাশেই যথেষ্ট নহয় । আমি স্বর্গীয় পিতৃৰ সৈতে নিবিড় সম্বন্ধ ৰাখি আধ্যাত্মিক জীৱনত অধিক শক্তিশালী হ’বলৈ আমাৰ অন্তৰআত্মা তেওঁত সোধাই দিব লাগে । আমি তেওঁৰ বাক্য, তেওঁৰ দয়া, তেওঁৰ কাৰ্য, তেওঁৰ অনুগ্রহ ইত্যাদি প্রতি আকর্ষিত হলেও, এয়াই তেওঁৰে সৈতে সম্পূর্ণ সম্বন্ধ ৰখাৰ যথেষ্ট পরিচায়ক নহয় । বৰং ঈশ্বৰৰ সৈতে সম্বন্ধ গঢ়ি তুলিবলৈ হ’লে আমাৰ জীৱনৰ প্রকৃত দীন-হীন অৱস্থা তেওঁক জনাবই লাগিব ।SCAsm 64.1

    বন্ধু-বান্ধৱক নিজৰ মনৰ কথা প্রকাশ কৰাৰ দৰে, প্রার্থনাৰ দ্বাৰাই আমাৰ হৃদয় উজাৰ কৰি ঈশ্বৰৰ আগত আমাৰ মনৰ কথা ক’ব পাৰোঁ । আমি কোন হয় ঈশ্বৰক জনোৱাৰ সলনি আমি কেনেকৈ তেওঁৰ সান্নিধ্য লাভ কৰিব পাৰোঁ, তাৰেহে চেষ্টা কৰিব লাগে। কারণ প্রার্থনাই ঈশ্বৰক আমাৰ ওচৰলৈ নমাই নানে । বৰং আমাকহে তেওঁৰ কাষলৈ চপাই লৈ যায়।SCAsm 64.2

    যীচু জগতত থকা কালত, তেওঁৰ শিষ্য বিলাকক প্রার্থনা কৰিবলৈ শিকাইছিল । তেওঁবিলাকৰ দৈনিক প্রয়োজন আৰু আন আটাই চিন্তা ভাব ঈশ্বৰৰ ওপৰত সোধাই দিবলৈ কৈছিল । আৰু ঈশ্বৰে তেওঁ বিলাকৰ প্ৰাৰ্থনাৰ প্রতি যি গুরুত্ব, আশ্বাস দিছিল, সেইয়া আমালৈকো দিয়া হৈছে ।SCAsm 64.3

    যীচুৱে স্বয়ং মানুহৰ মাজত থাকি অধিক সময় প্রার্থনাৰে অতিবাহিত কৰিছিল । জগতৰ নানা অশুভ শক্তিৰ দ্বাৰাই প্ৰভাৱান্বিত নহ’বলৈ আৰু সেইবোৰক প্ৰতিৰোধ কৰাৰ শক্তি পাবৰ নিমিত্তে ঈশ্বৰৰ আগত আমাৰ কাৰণে তেওঁ আবেদনকাৰী হৈ আছিল । তেওঁ আমাৰ অপৰাধবোৰৰ ভাৰ বলে । আমাৰ দৰেই সকলো প্রলোভনীয় উপাদানেৰে তেওঁক পৰীক্ষা কৰা হৈছিল। কিন্তু তেওঁ সম্পূর্ণ নিস্পাপ, নিষ্কলংকিত হোৱাত পাপময় জগতৰ নানা আকর্ষণীয় প্রলোভনৰ শক্তিয়েও তেওঁক টলাব নোৱাৰিলে ; বৰং নীৰৱে সেইবোৰ পৰীক্ষা সহ্য কৰি গ’ল । তেওঁৰ মানৱ ধৰ্মই প্রার্থনা, ঈশ্বৰৰ সৈতে কথাবার্ত্তা হোৱাৰ এটা আৱশ্যকীয় আৰু সুযোগৰ পথ বুলি আমাক দেখুৱাই গ’ল । তেওঁ নিজেও তেওঁৰ পিতৃৰ সৈতে প্রার্থনাৰ দ্বাৰাই কথা-বতৰা হৈ আনন্দ পাইছিল । যিহেতু মানৱৰ ত্রাণকৰ্ত্তা, ঈশ্বৰৰ পুত্রই, প্রার্থনাক ইমান প্রাধান্য দিয়াৰ আৱশ্যক বোধ কৰিলে ; তেনেস্থলত আমি দুর্বল পাপী মানুহে কিমান অধিক গুৰুত্বৰে নিৰন্তৰ গতিৰে প্রার্থনাত ৰত হৈ থাকিব লাগে ।SCAsm 64.4

    আমাৰ স্বগীয় পিতৃয়ে তেওঁৰ ঐশ্বৰিক বৰ আমাৰ ওপৰত বৰষাবলৈ বাট চাই আছে। এতেকে তেওঁৰ, কেতিয়াও শুকাই নোযোৱা, প্ৰেমৰ ভুমুকৰ জল পান কৰাৰ সুযোগ লওঁহক । কিন্তু আচৰিত কথা, ঈশ্বৰে আমাৰ সৰল আৰু নম্র প্রার্থনা শুনিবলৈ সদায় আগ্রহী হোৱা স্বত্বেও, আমি আমাৰ অভাৱঅনাটন আৰু প্রয়োজনীয় আটাই কথা তেওঁক জনাই নিদিওঁ । স্বর্গনিবাসী আটাইবিলাকে পতিত মানৱৰ দীন-হীন আৰু দুর্বল অৱস্থা দেখি চিন্তিত। ঈশ্বৰে যেতিয়া তেওঁৰ অসীম দয়া আৰু প্ৰেমেৰে আমালৈ ব্যাকুল হৈ বাট চাই আছে, এনে পৰিস্থিতিত আমি প্রার্থনাত কিয় আমাৰ আটাই চিন্তা তেওঁক জনাই নিদিওঁ ? স্বর্গ-নিবাসী বিলাকেই যেতিয়া ঈশ্বৰৰ সৈতে চলাচল কৰি আনন্দ উপভোগ কৰে ; তেনেহ’লে আমি, পৃথিৱী নিবাসী অসহায় মনুষ্য সন্তানে, কেৱল মাত্র ঈশ্বৰে দিব পৰা, আধ্যাত্মিক আৰু জীৱন পাবৰ কাৰণে তেওঁ আৰু তেওঁৰ পৱিত্ৰ আত্মৰ সান্নিধ্যৰ পৰা নিজকে কিয় আঁতৰাই ৰাখিম ?SCAsm 65.1

    প্রার্থনা কৰিবলৈ এলাহ কৰা লোকক চয়তানে অন্ধকাৰেৰে আৱৰি ৰাখে। দুর্বলচিতীয় লোকৰ অক্ষমতাৰ সুযোগ লৈ চয়তানে, ঐশ্বৰিক আশীর্বাদবোৰৰ পৰা বঞ্চিত কৰি, অধিক পাপ কৰিবলৈ ফুচলাই নিয়ে । সঞ্চিত হৈ থকা অন্তহীন আশীর্বাদৰ অধিকাৰী হ’বলৈ, সর্বশক্তিমান জনাৰ, স্বর্গীয় ভৰালৰ দুৱাৰ খোলাৰ প্রার্থনাই যেতিয়া একমাত্র চাবি-কাঠি ; ইয়াক জানিও তেওঁৰ সতি-সন্ততি বিলাকে প্রার্থনাত গুৰুত্ব নিদিয়ে কিয় ? নিৰন্তৰ আৰু এক চিত্তেৰে কৰা প্ৰাৰ্থনাৰ অবিহনে, আগন্তুক বিপদ সংকটৰ সন্মুখীন হৈ পুৰা মাত্রাই পথভ্রষ্ট হোৱাৰ সম্ভাৱনা আছে। ঈশ্বৰৰ অনুগ্রহৰ আসনৰ ওচৰলৈ গৈ, অনুতাপ আৰু ক্রন্দনেৰে দয়া আৰু অনুগ্রহ লাভ কৰি, কু-শক্তিক প্রতিৰোধ কৰিবলৈ যেন সুযোগ নাপাওঁ; তাৰ বাবে, চিৰ প্রতিদ্বন্দ্বী ‘শত্রু’ চয়তানে পথ ভেটা দি আছে । নির্দিষ্ট স্বত্ব সাপেক্ষে ঈশ্বৰৰ পৰা আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পাবলৈ আশা কৰিব পাৰোঁ। প্ৰথমতে আমি আমাৰ নিঃকিন অৱস্থালৈ চাই তেওঁৰ দ্বাৰাই সবল হোৱাৰ প্ৰয়োজন অনুভৱ কৰিব লাগিব । ঈশ্বৰে আমাৰ প্রতি প্রতিজ্ঞা কৰি (যিচয়া ৪৪:৩ পদত) কৈছে— “কিয়নো, মই তৃষ্ণাতুৰ লোকৰ ওপৰত জল ঢালিম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম।” এইদৰে, ধার্মিকতালৈ ভোক আৰু পিয়াহ থকা আৰু ঈশ্বৰৰ অনুগামী হ’বলৈ বাঞ্ছা কৰা আটাই লোকবিলাক, তৃপ্ত হৈ লক্ষ্যত উপনীত হ’ব আৰু ঈশ্বৰৰ আশীর্বাদ প্রাপ্ত হ’ব ।SCAsm 65.2

    আমি, আমাৰ ব্যক্তিগত প্রয়োজনীয় বস্তুবিলাক পাবৰ নিমিত্তে, অনেক সময়ত চিন্তিত হৈ পৰোঁ । এইবোৰ পাবৰ নিমিত্তে ঈশ্বৰৰ ওচৰ চাপোহঁক । কাৰণ তেওঁ কৈছে- ” খোজা তেহে তোমালোকক দিয়া হ’ব।” (মথি ৭:৭ পদ) ; “যিজনাই নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক সোধাই দিলে, সেইজনাই আমাক অনুগ্ৰহ কৰি তেৱে সৈতে সকলো নিদিবনে ?” ৰোমীয়া ৮ অধ্যায় ৩২ পদ।SCAsm 66.1

    আমি অন্তৰত অধর্ম আৰু পাপ পোষণ কৰি থাকিলে, ঈশ্বৰে কেতিয়াও আমাৰ প্রার্থনা নুশুনে ; বৰং অনুতাপিত আৰু সৰল অন্তৰৰ প্রার্থনাহে তেওঁৰ দৃষ্টিত গ্রাহ্য হয়। এতেকে, প্রকাশ হৈ থকা পাপবোৰ ক্ৰন্দন আৰু অনুতাপেৰে ত্যাগ কৰি, আমাৰ প্রার্থনা গ্রহণযুক্ত হ’বলৈ, শুচি আৰু শুদ্ধ মনেৰে তেওঁৰ ওচৰলৈ উলটি আহোঁহক । আমাক গ্ৰহণ কৰাৰ চৰ্তাৱলী হ’ল— আমি তেওঁৰ ইচ্ছাৰ দৰে চলি সেইমতে কার্য কৰো যেন । কাৰণ যীচুৱে তেওঁৰ ঐশ্বৰিক শক্তিৰে আমাক ৰক্ষা কৰিব পাৰে । আৰু আমাক আটাই পাপ তেওঁৰ তেজেৰে ধুই শুচি কৰিব পাৰে । কিন্তু আমি, আমাৰ নিজৰ কৰ্মৰ দ্বাৰাই বা বিধান পালনৰ দ্বাৰাই নিজকে ঈশ্বৰৰ আগত ধার্মিক বুলি গণিত কৰাব নোৱাৰোঁ ।SCAsm 66.2

    প্রার্থনা গ্রহণযোগ্য হোৱাৰ আন স্বত্ব হ’ল — বিশ্বাস । “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াক যেন তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।” ইব্রী ১১:৬ পদ । যীচুৱে কেৱল তেওঁৰ শিষ্য বিলাককেই কৈছিল, এনে নহয় ; তেওঁ সকলোকে কৈছে— “তোমালোকে প্রার্থনা কৰি যি যি খোজা, সেই সকলোকে পালো বুলি বিশ্বাস কৰা, তেহে পাবা।” (মার্ক ১১:২৪ পদ)। আমি তেওঁৰ কথাত ভাৰষা কৰিছোনে ?SCAsm 66.3

    অপৰিসীম আৰু উদাৰ তেওঁৰ আশ্বাসবাণী । কিয়নো প্রতিজ্ঞা কৰাজন বিশ্বাসী । প্রয়োজনীয় বস্তু খোজাৰ সময়ত নাপালেও অবিশ্বাস কৰিব নালাগে ; কাৰণ উচিত সময়ত তেওঁ আমাৰ প্রার্থনাৰ উত্তৰ দিব । আমি, ইমানেই দিশভ্রান্ত আৰু অদূৰদশী যে, প্রার্থনাত প্রায়ে আমাৰ উপকাব নকৰা বস্তুও খোজেঁ । কিন্তু আমাৰ স্বর্গীয় পিতৃয়ে দয়াৰ বশৱৰ্ত্তী হৈ আমাৰ প্ৰয়োজনীয় বস্তু দি প্রার্থনাৰ উত্তৰ দিয়ে । আত্মিক দৃষ্টিভঙ্গীৰে, তেওঁৰ প্রদত্ত বস্তুবোৰলৈ চালে সঁচাকৈ সেইবাৰেইহে আমাৰ প্রয়োজনীয় বুলি জানিবলৈ পাওঁ । ঈশ্বৰৰ দৃষ্টিত শুদ্ধ ভাৱে চলা লোকবিলাকৰ পৰা তেওঁ কোনো প্রাপ্য বস্তু আটক কৰি নথয় । SCAsm 67.1

    আপোনাৰ প্রার্থনাৰ উত্তব তৎক্ষণাৎ নাপালেও নিবাশ নহ’ব, কেৱল তেওঁৰ প্রতিজ্ঞা ‘খোজা তেহে পাবা’ ইয়াৰ ওপৰত ভাৰষা ৰাখক ।SCAsm 67.2

    ভয়, শংসয় আৰু সন্দেহ ভাৱ লৈ আমি আমাৰ কোনো সমস্যাই সমাধা কৰিব নোৱাৰোঁ । বিশ্বাসৰ অবিহনে আমাৰ সমস্যা অধিক জটিল, আৰু ঘোৰ সংকটময়হে হ’ব । আমাৰ অসহায় আৰু নীহ অৱস্থাৰে যদি তেওঁৰ ওচব চাপো, তেওঁৰ অসীম জ্ঞানেৰে আমাৰ দীন-হীন অৱস্থা বুজি পাব । কাৰণ সৃষ্টিতেই তেওঁৰ নিয়ন্ত্রণাধীত থকা আটাই বস্তুৰেই দৃষ্টিগোচৰ হয় যেতিয়া, আমাব ক্রন্দন, আমাৰ কাতৰোক্তি, তেওঁ নিশ্চয় শুনি আমালৈ কৃপা দৃষ্টি কৰিব । আমাৰ সৰল আৰু বিনম্র প্রার্থনাৰ দ্বাৰাই সর্বব্যাপীজনাৰ সৈতে একত্রিত হওঁহক । আমাৰ ত্ৰাণকৰ্ত্তাজনাই আমাৰ দুখ-সংকটৰ সময়ত আমাক প্ৰেম আৰু দয়াৰে আৱৰি ধৰে বুলি কোনো উল্লেখযোগ্য প্রমাণ নাথাকিব পাবে, নাইবা তেওঁৰ হাতৰ দৃশ্যমান পৰশ অনুভৱ নকৰিব পাৰোঁ ; কিন্তু তেওঁৰ প্ৰেম আৰু মৰমীয়াল হাত সদায় আমাৰ ওপৰত আছে, ই নির্ঘাত সত্য।SCAsm 67.3

    যেতিয়া আমি তেওঁৰ পৰা দয়া আৰু অনুগ্রহ খোঁজো ; আমাৰ হৃদয়তো ক্ষমা আৰু প্রেমভাৱ স্থিতি হ’ব লাগিব, নহ’লে আমি কেনেকৈ প্রার্থনা কৰিব পাৰিম— “আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।” (মথি ৬:১২ পদ)। আমি অন্তৰত আনক ক্ষমা কৰিব নোৱাৰা মনোভাৱ পোষণ কৰি থাকিলে আনৰ পৰাও আমি তেনেধৰণৰ একো আশা কৰিব নোৱাৰোঁ ।SCAsm 67.4

    নিবন্তৰে প্রার্থনা কৰি থকাটোও প্রাপ্যৰ এটা স্বৰ্ত্ত । বিশ্বাসত আৰু আত্মিক বিষয়ত জাগৃত হ’বলৈ হ’লে আমি দৈনিক প্রার্থনা কৰিবই লাগিব (বোমীয়া ১২ : ১২ পদ চাওক)। কলচীয়া ৪:২ পদত কৈছে— “তোমালোকে প্রার্থনাত লাগি থাকিবা আৰু ধন্যবাদেৰে তাত পৰ দিবা।” পিতৰেও বিশ্বাসী সকলক উৎসাহিত কৰি কৈছে, “এতেকে প্রার্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা” (১ পিতৰ ৪:৭ পদ)। পৌলে পোনচাটেই কৈছে— “কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্রার্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক ।” ফিলিপীয়া ৪:৬ পদ। “কিন্তু হে প্রিয়বিলাক” যিহূদাই (২০ আৰু ২১ পদত) কৈছে “আৰু পৱিত্র আত্মাত প্রার্থনা কৰি, ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা, আৰু অনন্ত জীৱনৰ অর্থে আমাৰ প্রভু যীচুখ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকা ।” ধাৰাবাহিক গতিৰে প্রার্থনা কৰা মানে, ঈশ্বৰৰ সৈতে আমাৰ অন্তৰাত্মাৰ অবিচ্ছেদ্য ঐক্যতাৰ চিন ; পৰিণাম স্বৰূপে তেওঁৰ পৰা আমি জীৱন আহৰণ কৰি তেওঁলৈ আমাৰ হৃদয়ৰ পৰা শুদ্ধতা আৰু পৱিত্ৰতাৰ নিজৰা বোৱাব পাৰিম ।SCAsm 68.1

    শুদ্ধ অন্তঃকৰণেৰে প্রার্থনা কৰক, ইয়াত আপোনাৰ প্রতি কোনেও প্রতিবন্ধক স্বৰূপ নহওক । যীচুৰ সৈতে আপোনাৰ হৃদয়ৰ যোগাযোগৰ পথ মুকলি ৰাখিবলৈ সর্বতোপ্রকাৰৰ উদ্যম অৱ্যাহত ৰাখক। আমাৰ পাৰিবাৰিক প্রার্থনা কৰাৰ ওপৰিও আমাৰ ব্যক্তিগত প্রার্থনার প্রতি অৱহেলা কৰিব নালাগে । কাৰণ প্রার্থনাই আত্মাৰ জীৱন । প্রার্থনাৰ প্ৰতি অৱজ্ঞা কৰা লোকবিলাকে আত্মত কেতিয়াও মহৎ আৰু শ্রেষ্ঠ হোৱাৰ আশা কৰিব নোৱাৰে । পাৰিবাৰিক আৰু সমজুৱা প্রার্থনাই যথেষ্ট নহয়, কিন্তু নির্জ্জন ঠাইতো ঈশ্বৰৰ সন্ধানী দৃষ্টিত আমাৰ হৃদয় যেন মুকলি ৰখা হয় । প্রার্থনা শ্ৰৱণকাবী ঈশ্বৰেহে আমাৰ গুপুত প্রার্থনাও শুনে । এতেকে নানান প্ৰকাৰৰ উত্তেজনা আৰু বেষ্টনী বন্ধনৰ পৰা নিজ অন্তঃকৰণ মুক্ত কৰি শুচি আৰু সৰল মনেৰে তেওঁৰ আগত প্রার্থনা কৰোঁহক। কাৰণ তেৱেই আমাৰ শক্তিৰ দুৰ্গস্বৰূপ।SCAsm 68.2

    গুপুত স্থানতেই হওক বা কর্মস্থলীতেই হওক নিজৰ হৃদয় ঈশ্বৰৰ প্ৰতি উৰ্দ্ধত ৰাখিব । হোক ঈশ্বৰৰ সৈতে এই কাৰণেই চলাচল কৰিব পাৰিছিল । যিবিলাকে হৃদয়েৰে সৈতে ঈশ্বৰত ভাৰষা কৰে, চয়তানে সিবিলাকক পৰাজয় কৰিব নোৱাৰে। ঈশ্বৰৰ আগত প্রার্থনা কৰিবলৈ কোনো নির্দ্দিষ্ট সময় বা স্থানৰ প্রয়োজন নহয় । আমাৰ অন্তকৰণ উজাৰি প্রার্থনা কৰাৰ পৰা আমাক কোনেও বাধা প্রদান কৰিব নোৱাৰে। অৰ্ত্তক্ষেত্র (Artaxarxex) ৰজাৰ আগত নিহিমিয়াই। আৱেদন কৰাৰ দৰে, আমিও যেই কোনো ঠাইতে ঈশ্বৰৰ আগত আমাৰ হৃদয়ৰ স্বৰ শুনাই তেওঁৰ পৰা ঐশ্বৰিক শক্তি পাব পাৰোঁ । স্বর্গীয় অতিথি যীচু যেইকোনো মুহূর্ত্তত আহি আমাৰ অন্তৰত থাকিবৰ নিমিত্তে আমাৰ হৃদয়ৰ দুৱাৰ সকলো সময়ত খোলা থওঁহঁক ।SCAsm 69.1

    আমাৰ চাৰিওফালে কলুষিত আৰু দূষিত পাৰিপাৰ্শ্বিকতাৰে আৱৰি থাকিলেও সেইবোৰ অনিষ্টকৰ বাষ্পৰ শ্বাস-প্রশ্বাস নলৈ, স্বর্গীয় সুবাস কম বায়ু সেৱনৰ দ্বাৰাই জীয়াই থাকোঁহঁক, কিয়নো ঈশ্বৰৰ আগত আমাৰ নিস্বার্থ প্রার্থনাৰে আমাৰ চাৰিওফালে বিস্তৃত হৈ থকা অশুচি আৰু কলুষিত ভাৱ কল্পনা প্ৰতিৰোধ কৰিবলৈ আটাই দ্বাৰ ৰোধ কৰিব পাৰো । ঈশ্বৰৰ অনুগ্রহ আৰু আশীর্বাদ পাবলৈ যিজনে নিজৰ হৃদয় মুকলি ৰাখে তেওঁবিলাকে জগতৰ সকলো অভিলাষৰ পৰা নিজকে পৃথক ৰাখি, তেওঁৰ স্বগীয় পথত আহ-যাহ কৰি এক সুমধুৰ পৰিবেশৰ সৃষ্টি কৰিব ।SCAsm 69.2

    স্বগীয় মধুৰ সুবাসৰ ঘ্রাণ ল’বলৈ আমাৰ হৃদয় ঈশ্বৰৰ ওচৰলৈ চপাই লৈ যাওঁহক । সাধাৰণতে ফুলে যেনেকৈ সূৰ্যৰ ফালে মুখ কৰি থাকে, তেনেকৈ আমাৰ আকস্মিক দুখ-সংকটৰ পৰা উদ্ধাৰ পাবলৈ আমিও যেন তেওঁৰ ফালে। দৃষ্টি বাখোঁহক।SCAsm 69.3

    আপোনাৰ আটাই চিন্তাৰ ভাৰ ঈশ্বৰৰ ওপৰত পেলাই দিয়ক, সেই চিন্তাব ভাৰে তেওঁক ভাগৰ লগাব নোৱাৰে। যিজনাই আমাৰ মূৰৰ আটাই চুলিকে গণিব পাৰে, সেইজনাই তেওঁৰ সন্তানৰ প্রয়োজন কি সেইবোৰ সকলো জানে । কাৰণ “প্রভু অতি স্নেহবান আৰু দয়ালু।” (যাকোব ৫:১১ পদ)। দুখ-কষ্ট, ক্রন্দনব স্বৰ তেওঁৰ স্নেহশীল হৃদয়ত স্পর্শ কৰে । যিজনাই গোটেই জগতৰ চিন্তা আঁতৰাব পাৰে আৰু জগতখনকেই ধৰি ৰাখিছে, তেওঁৰ মানত আমাৰ চিন্তাৰ ভাৰ তেওঁৰ কাৰণে অতি তুচ্ছ । আমাৰ প্ৰয়োজনীয় বস্তু অতি ক্ষুদ্র হ’লেও, তাকো তেওঁ মন নকৰাকৈ নাথাকে। আমাৰ জীৱনৰ এনে এটি অন্ধকাৰ অধ্যায় নাই যে, তেওঁৰ দৃষ্টিত অগোচৰ হৈ থাকিব, অথবা তেওঁ আমাৰ কঠিন জটিলতাকো সমাধান কৰিব নোৱাৰে ; তেওঁৰ সন্তান বিলাকৰ ওপৰত কোনো বিপৰ্যয় নঘটিব, কোনো দুঃচিন্তাই বিচলিত নকৰিব, বিশ্বাসী লোকৰ ওঁঠৰ পৰা ওলোৱা জয়োল্লাস আৰু বিনম্ৰতাৰ প্রার্থনাও স্বগীয় পিতৃৰকর্ণগোচৰ নোহোৱাকৈ নাথাকিব নাইবা ইয়াৰ প্ৰতিক্রিয়াও নহ’ব, কাৰণ তেওঁ “ভগ্নচিত্তীয়া লোক বিলাকক সুস্থ কৰে, আৰু সিবিলাকৰ ঘা বান্ধে।” (গীতমালা ১৪৭:৩ পদ। প্রত্যেক আত্মা আৰু ঈশ্বৰৰ মাজত যি নিবিড় আৰু অভিন্ন সম্বন্ধ আছে, তেওঁৰ সেই মৰমীয়াল সমভাগী জগতৰ আন কাৰো সৈতে তুলনা নহয়, যি তেওঁৰ অতি চেনেহৰ একমাত্র পুত্রক দান কৰিব পাৰে ।SCAsm 69.4

    যীচুৱে কৈছিল, “সেই দিনাই মোৰ নামেৰে খুজিবা ; আৰু মই তোমালোকৰ নিমিত্তে পিতৃক নিবেদন কৰিম, এনেকৈ নকওঁ ; কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রীতি কবে।” (যোহন ১৬:২৬ পদ)। “...মইহে তোমালোকক মনোনীত কৰিলো ; .... আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, তাকে তেওঁ তোমালোকক যেন দিয়ে।” যোহন ১৫:১৬ পদ চাওক) । আমি কিবা প্রয়োজনীয় বস্তুৰ বাবে যাচনা কৰিলে তেওঁ কৰা প্ৰতিজ্ঞাৰ ওপৰতসম্পূর্ণ ভাৰষা ৰাখিব লাগে ।SCAsm 71.1

    আমি ঈশ্বৰৰ সেৱা-আৰাধনা কৰিবৰ অৰ্থে সাধু-সন্যাসীৰ বেশ লৈ জগতৰ পৰা নিজকে পৃথকে ৰখাটো ঈশ্বৰৰ ইচ্ছাৰে কৰা ধর্ম-কর্ম নহয় ; বৰং আমাৰ জীৱন খ্রীষ্টৰ জীৱনৰ দৰে হ’ব লাগে --- জনশূন্য স্থানৰ পৰা জনসমাগমলৈ । কিছুমানলোকে প্রার্থনা কৰে কিন্তু সেই অনুসাৰে কৰ্ম নাই । ই কেৱল নীতিগত প্রার্থনাহে, ইয়াত বিশ্বাস আৰু আত্মিকতা নাই। যেতিয়া মানুহে নিজকে সামাজিক জীৱনৰ পৰা পৃথকে ৰাখে, খ্ৰীষ্টৰ কর্মক্ষেত্ৰত আৰু সাক্ষ্যদান দিয়াৰ পৰা বিৰত হৈ থাকে, তেওঁবিলাকৰ প্রতি প্রার্থনা বিষয়টো মূল্যহীন হৈ পৰাৰ ওপৰিও নিজেও ঈশ্বৰলৈ অকামিলা আৰু ভক্তিহীন হৈ পৰে ; তেওঁ বিলাকৰ প্রার্থনা ব্যক্তিগত আৰু স্বার্থপৰ হয় । কিয়নো, আনৰ প্ৰতি উপকাৰ কৰিবলৈ বা ঈশ্বৰৰ ৰাজ্যৰ বৃদ্ধিৰ অৰ্থে নিজেও পৰিশ্ৰম কৰিবলৈ শক্তি নিবিচাৰে ।SCAsm 71.2

    যেতিয়া আমি পৰম্পৰে একগোট হৈ ইজনে সিজনক উৎসাহ, উদ্ গণি দি অথচ ঈশ্বৰৰ পবিচৰ্যাৰ সুযোগৰ অৱহেলা কৰোঁ, তেতিয়া অনর্থক ফলহীনতা ভোগ কৰাৰ উপৰিও তেওঁৰ সত্য বাক্যৰ সঞ্জীৱতা আৰু প্ৰয়োজনীয়তা আমাৰ মনত নিবৰ্থক হৈ পৰে । খ্রীষ্টত বিশ্বাসী হিচাবে এজনে আনজনৰ প্রতি সহানুভূতিৰ অভাৱ হৈ পৰে, কাৰণ ঈশ্বৰে আমাক যি উদ্দেশ্যৰে কৰ্ত্তব্য সাধনৰ সামর্থ্য দিলে তাৰ উচিত প্রয়োগ কৰিব নোৱাৰিলো ।SCAsm 72.1

    ঈশ্বৰে যে আমাৰ প্রতি যত্ন লয়, এই কথা মনত ৰাখি আনৰ আগতো কৈ তেওঁৰ গৌৰৱ কৰিব লাগে। আমি আমাৰ প্ৰয়োজনীয় জাগতিক বস্তুব বিষয়ে কওঁ, প্রিয় বন্ধুৰ বিষয়ে কওঁ, কাৰণ আমাৰ সুখ-দুখ এই আটাই বিষয় সিবিলাকৰ সৈতে জড়িত আছে । তথাপিও আমাৰ প্রথম দিশটো হ’ল, জগতৰ বয়-বস্তু, বন্ধু-বান্ধৱতকৈ ঈশ্বৰকহে প্রেম কৰিব লাগে, আৰু তেওঁৰ ঐশ্ববিক শক্তিবে আমালৈ যি দয়া, অনুগ্রহ কৰিলে তাকো আনব আগত ঘোষণা কৰিব লাগে। আমাৰ ওপৰত বৰষোৱা অগণন আশীর্বাদৰ বাবে সর্বশক্তিমান জনাৰ প্রতি কৃতজ্ঞতা স্বীকাৰ কৰোঁহক । যি স্বর্গীয় আবাস তম্বুত ঈশ্বৰৰ প্ৰতাপৰ জ্যোতিয়ে খ্রীষ্টৰ সন্মুখ উজ্বলাই ৰাখিছে, তালৈ চকু তুলি চাওঁহক । কাৰণ, “ঈশ্বৰৰ ওচৰলৈ চপা সকলক সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে’ ইব্রী ৭:২৫ পদ।SCAsm 72.2

    “লোক বিলাকে যিহোৱাৰ নিমিত্তে তেওঁৰ প্রশংসা কৰক, মনুষ্য সন্তান বিলাকলৈ কৰা তেওঁৰ আচৰিত কাৰ্যৰ নিমিত্তে তেওঁৰ প্রশংসা কৰক” গীতমালা ১০৭:৮ পদ । আমাৰ সেৱা উপাসনা কাৰ্য্যৰ যোগেদি কেৱল খোজাটোৱেই মুখ্য বিষয় নহওক, বা স্বার্থপৰ ভাৱ উৎপন্ন নহওক । ঈশ্বৰৰ দয়া আৰু অনুগ্রহ প্রতিক্ষণতে আমি পাইয়েই আহিছো, তাৰ পৰিবর্ত্তে আমি তেওঁৰ প্ৰতি কিমান কৃতজ্ঞ হৈছে৷ আৰু ধন্যবাদ জনাইছোঁ ?SCAsm 72.3

    অতীজতে ঈশ্বৰে ইস্রায়েল বিলাকক আদেশ দি কৈছিল- “আৰু সেই ঠাইতে তোমালোকে ঈশ্বৰ যিহোৱাৰ আগত ভোজন কৰিবা, আৰু তোমাৰ ঈশ্বৰ যিহোৱাই যিহত আশীর্বাদ দিব, তোমালোকে হাত দিয়া সেই সকলো কার্যত তোমালোক সপৰিবাৰে আনন্দ কৰিবা ।” ২য় বিৱৰণ ১২:৭ পদ। আমি আনন্দ আৰু হর্ষিত মনেৰে, ধন্যবাদ ও প্রশংসাৰে ঈশ্বৰৰ সেৱা আৰাধনা কৰিব লাগে ; বিষন্ন আৰু অসন্তোষ মনেৰে নহয় ।SCAsm 72.4

    আমাৰ ঈশ্বৰ এজনা মৰমিয়াল পিতৃ । তেওঁক সেৱা আৰাধনা কৰাটো অন্তৰত দুখদায়ক বা কষ্টদায়ক কার্য, এনে দৃষ্টিভংগী পোষণ কৰাটো কোনো ৰূপেই উচিত নহয় । তেওঁৰ আৰাধনা কৰাটো আৰু তেওঁৰ কার্যত ভাগ লোৱাটো অতি সুখৰ আৰু আনন্দহে বিষয় । কাৰণ, নিষ্ঠুৰ কৰ্মচাৰীৰ দৰে কোনো কথাতে আমাক বলপূর্বক বাধ্য নকৰায় । তেওঁৰ সন্তানবিলাকে তেওঁৰ কার্যত কষ্টবোধ নাইবা কঠিনতা বোধ অনুভৱ নকৰি আনন্দ মনেৰে শ্ৰম কৰি যোৱাটো বাঞ্ছা কৰে।SCAsm 73.1

    আমি ক্রুচৰ গুৰিলৈ আহি খ্রীষ্টৰ আৰু তেওঁৰ ক্রুচাৰোপিত কাহিনী বর্ণনা কৰি হৃদয়ত শান্তনা লভোহঁক। ক্রুচত যিজনাৰ হাতত আমাৰ কাৰণে গজাল মৰা হ’ল, আমাক প্রেম কৰাৰ কাৰণে নিদারুণ যন্ত্রণা ভুগি নিজ প্রাণ আহুতি দিলে, আমি তেওঁৰ সেই প্রেমত ভাৰষা ৰাখোহঁক।SCAsm 73.2

    ঈশ্বৰৰ প্রতি আমাৰ গীত, প্রশংসা, স্তৱ-স্তুতি সুগন্ধি ধোঁৱা স্বৰূপ তেওঁৰ ওচৰলৈ উঠক । কিয়নো, “যিজনে স্তুতিৰূপ বলি উৎসর্গ্য কৰে, সেইজনেই মোক গৌৰৱান্বিত কৰে ।” গীতমালা ৫০:২৩ পদ । ‘তাৰ মাজত আনন্দ আৰু হর্ষ, স্তুতিগান আৰু গীতৰ ধ্বনি পোৱা যাব ।” যিচয়া ৫১:৩ পদ।SCAsm 73.3

    Larger font
    Smaller font
    Copy
    Print
    Contents