Loading...
Larger font
Smaller font
Copy
Print
Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    ঈশ্বৰ বিষয়ক জ্ঞান

    ঈশ্বৰে নিজকে আমাক তেওঁৰ পৰিচয় দি আমাৰ সৈতে সম্বন্ধ গঢ়ি তুলিবলৈ ইচ্ছা প্রকাশ কৰাৰ নানা উপায় অৱলম্বন কৰাৰ পথ আছে। প্রকৃতিয়ে অবিবাম ভাৱে আমাৰ চেতন শক্তিক জাগৃত কৰি তেওঁৰ হাতৰ কৰ্মৰ যোগেদি তেওঁৰ প্ৰেম আৰু শক্তিৰ সাঁচ আমাৰ হৃদয়ত বহুৱাই । সেউজীয়া পথাৰ, গছগছনি, ফল-মূল, নদ-নদী, পর্বত-পাহাৰ, ভৈয়াম, ৰ’দবৰষুণ, নিজৰাৰ কুলুকুলু সুৰেৰে বৈ যোৱা শব্দ, আকাশত ভাহি ফুৰা ডাৱৰ, সূৰ্য্য, চন্দ্র, তৰ, গ্রহনক্ষত্র ইত্যাদিয়ে এই আটাইবোৰৰেই সৃষ্টি কৰ্ত্তাজনাক আমাৰ সৈতে পৰিচয়ৰ বিনিময় কৰায়।SCAsm 59.1

    মন কৰোহঁক, ঈশ্বৰৰ সৃষ্টিবোৰে আমাক তেওঁত বাধ্যতা আৰু বিশ্বাসী হোৱাৰ উত্তম শিক্ষা প্রদান কৰে । সৌৰ জগতৰ পৰা আৰম্ভ কৰি ক্ষুদ্র পৰমানুটোলৈকে প্ৰকৃতিয়ে নির্দ্ধাৰিত কৰি দিয়া নিজ নিজ কক্ষপথত যুগ-যুগান্তৰ ধবি গতি কৰি ঈশ্বৰৰ আজ্ঞাৰ বশবর্ত্তী হৈ আহিছে । সেয়েহে তেওঁ সৃষ্টি কৰা আটাই বস্তুৰে তত্বাৱধান লয় আৰু নিজ অধীনত ৰাখে।SCAsm 59.2

    ঈশ্বৰৰ নিজ হাতেৰে সৃষ্টি কৰা প্ৰকৃতিখন আৰু আমাৰ পাৰ্থিৱ বাসস্থান ইমান মনোৰম আৰু মনোমোহাকৈ সাজিলে, যাতে, তেওঁৰ সন্তান বিলাকে তাৰ কাৰণে তেওঁৰ প্রশংসা কৰে। যিজনাই এই অতি বিশাল বিশ্বখনৰ প্ৰতি লক্ষ্য ৰাখে, সেই একেজনাই একে সময়তে, নির্ভয় মনেৰে গছৰ ডালে ডালে সুললিত সুৰেৰে গীত গাই নাচি থকা সৰু চৰাইটোৰ প্ৰতিও লক্ষ্য ৰাখি যত্ন লয় । যেতিয়া মানুহে তেওঁৰ নিজৰ দৈনিক কর্মত ব্যস্ত হৈ থাকে, যেতিয়া ঈশ্বৰক ধন্যবাদ দিবৰ বাবে প্রার্থনাত ৰত হয়, নিশা যেতিয়া অৱশ শৰীৰ লৈ শুই পৰে, পুৱা যেতিয়া সাৰ পাই উঠে, যেতিয়া ধনৱান লোকবিলাকে নিজ গৃহত ৰাজভোগেৰে আহাৰ কৰে, বা দৰিদ্র বিলাকে নিজৰ সন্তান বিলাকক চাবিওফালে বহুৱাই লৈ সাধাৰণ আহাৰ কৰে, তেতিয়াও স্বর্গীয় পিতৃয়ে এই আটাইবোৰলৈ দৃষ্টি কৰে। কাৰোবাৰ চকুলো আৰু কাৰোবাৰ হাঁহি তেওঁৰ দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকে।SCAsm 59.3

    আমি ওপৰোক্ত কথাবোৰ নিঃসন্দেহে বিশ্বাস কৰিলে, আমাৰ অমূলক আটাই দুখ-কষ্ট, চিন্তা আঁতৰ হৈ যাব । আমাৰ জীৱন এতিয়াৰ দৰে হতাশনিৰাশাত ভুগি দিন অতিবাহিত কৰিব নালাগিব । সৰুৱেই হওক বা ডাঙবেই হওক আটাই সমস্যাৰ ভাৰ ঈশ্বৰৰ হাতত অৰ্পণ কৰোহঁক। আমাৰ অসহনীয় সমস্যাৰ ভাৰ যিমানেই গধুৰ নহওক কিয়, এই আটাইবোৰকে নোহোৱা কৰিব আৰু পৰিণাম স্বৰূপে আমাৰ আত্মাই জিৰণি পাব ।SCAsm 60.1

    আপুনি এই জগতৰ সৌন্দৰ্যৰ প্রতি আকৃষ্ট হৈ আনন্দিত হ’ব পাৰে । কিন্তু হ’ব লগা নতুন পৃথিৱীখনলৈ এখন্তেক ভাবি চাওকচোন- যিখন পৃথিৱীত পাপ আৰু মৃত্যৰ অধিকাৰ কোনো কালেও নাথাকিব ; নাইবা তাৰ প্ৰকৃতিয়েও অশান্তিব ছাঁৰে আবৃত হৈ নাথাকিব । আপোনাৰ মনৰ কল্পনাৰে সেই নিৰাপদ ঘৰখনৰ ছবি এটি অঙ্কিত কৰক ! কিন্তু মনত ৰাখিব আপোনাৰ মনব অতি তীক্ষ্ণ কল্পনাৰে অঁকা ছবিখনতকৈ সেই ঘৰখন কল্পনাতীত ভাৱে সৌন্দর্যময় হ’ব । ঈশ্বৰে প্ৰকৃতিৰ যোগেদি দিয়া নানা বৰ, আমাৰ দৃষ্টিৰ দ্বাৰাই হওক বা অনুভৱ কৰিয়েই হওক, আমি উপভোগ কৰিছোঁ । এইবোৰ ঈশ্বৰৰ মহা ক্ষমতাৰ ঢিমিকঢামাক পোহৰহে। বাইবেলত লিখা আছে, “চকুৱে যি যি নেদেখিলে, কানে যি যি নুশুনিলে, আৰু মানুহৰ হৃদয়ত যি যি নোসোমাল, ঈশ্বৰে তেওঁক প্রেম কৰোঁতাবিলাকৰ নিমিত্তে যি সকলো যুগুত কৰিলে ।” ১ কৰিন্থীয়া ২:৯ পদ।SCAsm 60.2

    কল্পনাপ্রিয় বিশিষ্ট ব্যক্তি আৰু প্রকৃতিবিদ সকলে প্ৰকৃতিৰ বিষয়ে অনেক চিন্তা-চৰ্চা কৰি থাকে । কিন্তু ঈশ্বৰৰ লোকবিলাকে এইয়া পিতৃ ঈশ্বৰৰ হাতৰ কর্ম বুলি স্বীকাৰ কৰি প্ৰকৃতিৰ আটাই সৌন্দর্য উপভোগ করে। প্রকৃতিখনক মানুহৰ প্রতি ঈশ্বৰৰ প্ৰেমৰ অৱদান বুলি স্বীকাৰ নকৰিলে কোনেও ইয়াৰ গুৰুত্ব সম্পূর্ণ উপলব্ধি কৰিব নোৱাৰে ।SCAsm 60.3

    ঈশ্বৰে তেওঁৰ অলৌকিক কার্য আৰু হৃদয়ত পৱিত্ৰ আত্মাৰ শক্তিৰ যোগেদি আমাক তেওঁৰ ইচ্ছা জানিবলৈ দিয়ে । আমাৰ চৌপাশে আৱৰি থকা পাৰিপাৰ্শ্বিকতাৰ দৈনিক গতি আৰু পৰিৱর্ত্তনৰ পৰা মূল্যৱান শিক্ষা আহৰণৰ উপৰিও ভাল-বেয়াৰ পাৰ্থক্যও দৃষ্টিগোচৰ হয় । দাযুদে ঈশ্বৰৰ সৃষ্টিৰ বিষয়ে অনুধাৱন কৰি কৈছে-- “পৃথিৱী যিহোৱাৰ দয়াৰে পবিপূর্ণ।” (গীতমালা ৩৩:৫ পদ) । যিকোনো জ্ঞানী, সি এইসকলো কথালৈ মন দিব, আৰু তেওঁবিলাকে যিহোৱাৰ নানাবিধ দয়া বিবেচনা কৰিব।” গীতমালা ১০৭:৪৩ পদ ।SCAsm 61.1

    ঈশ্বৰৰ ব্যক্তিত্বত নিহিত থকা আটাই সৎগুণবোৰ, পৰিত্ৰাণৰ মহৎ কাৰ্য্য আদি তেওঁ সম্পূর্ণরূপে আমালৈ প্ৰকাশ কৰি দেখুৱালে । ইতিহাসে পুৰণি কালব ভাৱবাদী আৰু ঈশ্বৰৰ লোকবিলাকৰ বিষয়ে এইদৰে কয়- সিবিলাক “আমাৰ নিচিনা সুখ-দুখ ভোগী মানুহ আছিল।” যাকোব ৫:১৭ পদ। তেওঁবিলাকেও আমাৰ নিচিনা হতাশ-নিৰাশাত, দুখ-কষ্টত, নানান পৰীক্ষাত পতিত হলেও ঈশ্বৰৰ শক্তি আৰু অনুগ্ৰহৰ দ্বাৰাই তেওঁৰ ধার্মিকতাত পুনবাই উপনীত হৈছিল । এইয়া আমালোকলৈকো এটা উৎসাহমূলক আহি । তেওঁবিলাকে ঈশ্বৰৰ সৈতে চলাচল কৰিবলৈ যি শক্তি, অনুগ্রহ আৰু আশীর্বাদ পাইছিল সেইদৰে চলিছিলেও। তেওঁবিলাকৰ আদৰ্শই আমাকো প্ৰেৰণা যোগায় । যীচুৱে এই বিষয়ে পুৰণি নিয়মৰ উদ্ধৃতি দি নতুন নিয়মত কৈছে- “সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাৱা, আৰু সেই শাস্ত্রেই মোৰ বিষয়ে সাক্ষ্য দিয়ে ।” যোহন ৫:৩৯ পদ । এইটো একেবাৰে সঁচা — গোটেই বাইবেল শাস্ত্রখনত খ্রীষ্টৰ বিষয়েহে পোৱা যায় । সৃষ্টিৰ পাতনিৰ পূৰ্বৰে পৰাই তেওঁ আছিল, কিয়নো লিখা আছে “তেওঁৰ দ্বাৰাই সকলোৱে হল, আৰু যি যি হ’ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ’ল।” (যোহন ১:১৩ পদ) ; আৰু শেষ প্রতিজ্ঞালৈকে তেওঁ আছে- “চোৱা মই বেগাই গৈছো।” প্রকাশিত বাক্য ২২:১২ পদ । আপুনি তেওঁক জানিবলৈ হ’লে— পৱিত্র বাইবেল শাস্ত্ৰখন অধ্যয়ন কৰক ।SCAsm 61.2

    ঈশ্বৰৰ আত্মিক আৰু জীৱনময় আহাৰ স্বৰূপ বাক্যৰে অন্তৰৰ ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰক । যীচুৱে আমাক কৈছে— “মানুহৰ পুত্ৰৰ মাংসৰ প্রতীক স্বৰূপ কটি নাখালে আৰু তেওঁৰ তেজৰ প্রতীকস্বৰূপ দ্রাক্ষা ৰস পান নকৰিলে, তোমালোকৰ নিজত জীৱন নাই।” যোহন ৬:৫৩ পদ । এই কথাখিনি ৬৩ পদত যীচুৱে বুজাই দি কৈছে “আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাবী নহয়, মই তোমালোকক যিবোৰ কথা কৈছো,” সেই কথাই আত্মা আৰু জীৱন।” প্রাকৃতিক বিজ্ঞানে কোৱাৰ দৰে আহাৰ, পানী খাই আমি আমাৰ শৰীৰ যেনেকৈ বৃদ্ধি কৰি অটুট ৰাখোঁ ; সেইদৰে আত্মিক বিজ্ঞানতো আদেশ দিয়াৰ দৰে ঐশ্বৰিক বিষয় ধ্যান কৰি, তেওঁৰ ইচ্ছাৰ দৰে চলি, আত্মিক বিষয়ত বল, শক্তি আহৰণ কৰোহঁক।SCAsm 61.3

    খ্রীষ্টৰ তেজৰ দ্বাৰাই পাপৰ চেকাবোৰ ধুই শুচি হৈ আৰু পাপৰ পৰা উদ্ধাৰ পোৱা সকলে নিৰন্তৰ গতিৰে সর্বযুগৰ অনন্তকলীয়া সত্যৰ গীত গাওক ।ইয়াকে স্বর্গদূতবিলাকে আকাংক্ষা কৰি আছে । এতেকে জীৱিত কালতেই ঐশ্বৰিক আহাৰ গ্ৰহণ কৰি আমাৰ বিশ্বাস দৃঢ়ৰ পৰা দৃঢ়তৰ কৰি তোলেহঁক। যীচুৱে আমাৰ প্ৰতি থকা তেওঁৰ অসীম দয়া আৰু প্ৰেমৰ কাৰণে নিজৰ প্রাণ আহুতি দিলে । ই এটা অতি মহৎ আৰু ভক্তি সম্বলিত প্রতিফলন। সেয়ে আমি আমাৰ মহান উদ্ধাৰ কৰ্ত্তা আৰু মধ্যস্থতাকাৰী জনাৰ গুণত নিমগ্ন হৈ থাকোহঁক। তেওঁ নিজ লোক বিলাকক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ, যি পৰিচৰ্যাৰ ভাৰ বৈ আহিছিল তাৰ প্ৰতিও সমভাগী হ’বলৈ আত্ম-নিয়োগ কৰোঁহক । এইদৰে আমি স্বর্গীয় বিষয়বোৰত ধ্যানমগ্ন হৈ থাকিলে, আমাৰ বিশ্বাস আৰু প্রেম অধিক অধিককৈ দৃঢ় হোৱাৰ উপৰিও ঈশ্বৰৰ দৃষ্টিত আমাৰ প্রার্থনাও গ্রহণযোগ্য হ’ব । খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ ওচৰলৈ অহা আটাইকে আনকি পৃথিৱীৰ অন্তঃভাগৰ পৰাও উদ্ধাৰ কৰিবলৈ তেওঁৰ ক্ষমতা আছে।SCAsm 62.1

    আমি ত্রাণ কৰ্ত্তাজনাৰ নিষ্কলংকিত জীৱনৰ প্রতি দৃষ্টিপাত কৰিলে আমি আত্মসংশোধন আৰু মন পৰিবৰ্ত্তনৰ ‘শক্তি পাম আৰু এইদৰেই তেওঁৰ পৱিত্র প্রতিচ্ছবিত বিলীন হ’ব পাৰিম। বাইবেল শাস্ত্ৰখন কেৱল জ্ঞানী সকলৰ নিমিত্তে লিখা হোৱা নাছিল ; বৰং সাধাৰণ মানুহৰ বাবেও দিয়া হৈছে । পৰিত্ৰাণ পাবৰ অৰ্থে যি মহান সত্য ইয়াত লিপিবদ্ধ হৈ আছে, সেয়া দুপৰীয়াৰ পোহৰৰ দৰে উজ্জ্বল। কঠিন হৃদয়ৰ আৰু নিজ বিচাৰ-বুদ্ধি মতে চলা লোকৰ বাহিৰে কোনেও এই পৰিত্ৰাণৰ আমন্ত্রণ অগ্রাহ্য নকৰিব ।SCAsm 62.2

    আমি আনে দিয়া সাক্ষ্যত ভোল নগৈ, ঈশ্বৰে আমাক কি কৈছে, তাৰ বাবে পোনচাটেই তেওঁৰ নিশ্বাসীত বাক্যলৈ মন দিওঁহক । আমাৰ চিন্তা ভাৱধাৰা আনৰ দ্বাৰাই পৰিচালিত হ’ব দিলে জটিলতা বৃদ্ধি হোৱাৰ ওপৰিও নিশ্চিত সিদ্ধান্তত উপনীত হোৱাত ব্যাঘাত হয় ; মনৰ উদ্যম শক্তি পংগু হৈ পৰে । পৱিত্র বাইবেল শাস্ত্ৰখন অধ্যয়ন কৰি যি আত্মিক শক্তি আহৰণ কৰিব পৰা যায়, আন কোনো অধ্যয়নে আত্মিক দিশত পোৱা আনন্দত আপ্লুত কৰিব নোৱাৰে । আমি গোটেই শাস্ত্ৰখন অধ্যয়ন কৰি যদি ইয়াত লিখা কথাবোৰৰ অৰ্থ বুজি নাপাওঁ, তেতিয়াও অধ্যয়ন কৰাৰ একো মূল্য নাথাকে । ঈশ্বৰৰ বাক্য বুজি পাবলৈ আৰু আত্মিক বিষয়ত জ্ঞান প্রাপ্ত হ’বলৈ প্রার্থনা সহিত শাস্ত্র অধ্যয়ন কৰক । শাস্ত্ৰখনত কিছুমান কথা সহজ-সৰল ভাৱে লিখা আছে, যিবোৰ বুজি পোৱাত অসুবিধা নহয় ; কিন্তু এনে কিছুমান গধুৰ বিষয়ে লিখা আছে, যিবোৰৰ তত্ব বুজিবলৈ সহজ নহয়। পৱিত্র বাইবেল শাস্ত্রখন পঢ়াৰ বা মেলাৰ আগেয়ে, অধ্যয়ন কৰা বাক্যবোৰ বুজি পাবলৈ, পৱিত্র আত্মাৰ শক্তি বিচাৰক আৰু এই শক্তি আপুনি নিশ্চয় পাব । নাথনিয়েল যীচুৰ ওচৰলৈ আহোঁতে, যীচুৱে তেওঁৰ বিষয়ে কৈছিল— “চোৱা, এইজন স্বৰূপ ইস্রায়েল লোক, এওঁত একো কপট নাই।” তাতে নাথনেলে তেওঁক ক’, “আপুনি মোক কেনেকৈ চিনিলে ?” যীচুৰ উত্তৰ দি ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে, তুমি ডিমৰু গছৰ তলত থাকোঁতেই, তোমাক দেখিলোঁ ।” যোহন ১:৪৭,৪৮ পদ। এই একেদৰেই আমি তেওঁৰ সত্যক জানিবলৈ তেওঁৰ পৰা শক্তি বিচাৰিলে আমি প্রার্থনা কৰি থকা গুপুত স্থানকো তেওঁ জানে আৰু তেওঁৰ যি আছে সেইসকলো পৱিত্র আত্মাই আমাক জনাব । যীচুৱে কৈছে- “তেওঁ মোক মহিমান্বিত কৰিব ; কিয়নো মোৰ যি আছে, তেওঁৰ পৰালৈ, তোমালোকক জনাব ।” যোহন ১৬:১৪ পদ। ঐশ্বৰিক সত্যৰ জ্ঞান প্রদান কৰিবলৈ আমালৈ একমাত্র পৱিত্র আত্মাই যথার্থ উপদেষ্টা।SCAsm 62.3

    Larger font
    Smaller font
    Copy
    Print
    Contents