উৎসর্গীকৰণ
Search Results
- Results
- Related
- Featured
- Weighted Relevancy
- Content Sequence
- Relevancy
- Earliest First
- Latest First
- Exact Match First, Root Words Second
- Exact word match
- Root word match
- EGW Collections
- All collections
- Lifetime Works (1845-1917)
- Compilations (1918-present)
- Adventist Pioneer Library
- My Bible
- Dictionary
- Reference
- Short
- Long
- Paragraph
No results.
EGW Extras
Directory
উৎসর্গীকৰণ
“আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক পাবা”, যিৰিমিয়া ২৯:১৩ পদ। এইয়া মানুহৰ প্রতি ঈশ্বৰে কৰা প্ৰতিজ্ঞা।SCAsm 32.1
আমি ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিত পুনৰায় প্রতিষ্ঠিত হ’বলৈ হ’লে, মন পৰিবৰ্ত্তনৰ দ্বাৰাই অন্তৰে সৈতে তেওঁৰ শৰণাপন্ন হ’ব লাগিব । স্বভাৱসুলভ ভাবে আমি ঈশ্বৰৰ পৰা পৃথক হ’লেও পৱিত্র আত্মাই আমাৰ অৱস্থা এইদৰে বৰ্ণনা কৰিছে“অপৰাধ আৰু পাপবোৰত মৰি আছিলা”, (ইফিচীয়া ২:১ পদ) ; ” গোটেইটো মূৰ পীড়িত আৰু গোটেই মন দুর্বল” (যিচয়া ১:৫,৬) আৰু চয়তানৰ ইচ্ছা সাধনৰ অৰ্থে তাৰ দ্বাৰাই বন্দী হলা”, ২ তিমথিয় ২:২৬ পদ । ঈশ্বৰে আমাক আমাৰ পাপৰোগৰ পৰা সুস্থ কৰি মুক্তি দিবলৈ প্ৰস্তুত, কিন্তু তাৰ পূর্বে আমি নিজকে সম্পূর্ণ ৰূপে পৰিবর্ত্তন কৰি তেওঁত অৰ্পণ কৰিব লাগে । আত্ম-সংশোধনৰ অর্থে নিজৰ বিৰুদ্ধে কৰা যুদ্ধখনেই অতি ভয়ানক যুদ্ধ। ইয়াৰ দ্বাৰাই আমাৰ আত্মা আৰু শৰীৰ নষ্ট কৰা আটাইবিলাক ৰিপু দমন কৰি, ঈশ্বৰৰ ওচৰত বিনম্ৰতাৰে আত্ম-সমর্পণ কৰিব লাগে, কাৰণ একমাত্র তেঁৱেই আমাৰ হৃদয় পৱিত্ৰ আৰু পুনঃ নতুন কৰিব পাৰে।SCAsm 32.2
চয়তানে বর্ণনা কৰা মতে — ন্যায়বান ঈশ্বৰৰ শাসনপ্রণালী, বিধিব্যৱস্থা অহেতুক, দমনমূলক আৰু এইবোৰৰ ৰোষত পৰি নিয়ন্ত্রিত হ’ব নালাগে । বৰং তেওঁৰ বাক্যই আমাৰ বুদ্ধি আৰু বিবেকক সজাগ আৰু সক্রিয় কৰি তুলি কয়। “আহাঁ আমি তর্ক-বিতর্ক কৰোঁহক” যিচয়া ১:১৮ পদ । এইয়া ঈশ্বৰে সৃষ্টি কৰা মানুহৰ প্ৰতি তেওঁৰ আহ্বান । মানুহৰ ইচ্ছাকৃত, আন্তৰিকতা আৰু সুস্থ জ্ঞান অবিহনে ঈশ্বৰে কেতিয়াও বলপূর্বক সেৱা-ভক্তি গ্রহণ নকৰে । কাৰণ বলপূর্বক আত্মসমর্পণে, মানসিক আৰু নৈতিক চৰিত্ৰৰ প্ৰকৃত বিকাশত বাধাস্বৰূপ হৈ পৰিব আৰু মানুহ কেৱল মানৱ যন্ত্ৰত পৰিণত হোৱাৰ বাহিবে আন একো নহ’ব । আমাৰ দয়ালু সৃষ্টিকর্ত্তাৰ উদ্দেশ্য কিন্তু এনেকুৱা নহয়, তেওঁৰ সৃষ্টিসত্বাৰ গৌৰৱময় প্রতীক মানুহক এক অতি উৰ্দ্ধ পর্যায়ত বিস্তৃত হোৱাটো বাঞ্ছা কৰে । SCAsm 32.3
নিজকে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰা মানে, যি পার্থিব বস্তুবোৰে আমাক ঈশ্বৰৰ পৰা পৃথক কৰি ৰাখে, সেই আটাইবোৰকে সম্পূর্ণকৈ ত্যাগ কৰি তেওঁলৈ ওলটি অহা । সেয়েহে যীচুৱে কৈছে, “..... যিকোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে” (লূক ১৪:৩৩ পদ)। এতেকে, যি ক্ষণস্থায়ী সুখ-আনন্দ, লোভ-মোহ, অভিলাষে আমাক ঈশ্বৰৰ পৰা আঁতৰাই ৰাখে সেইবোৰৰ পৰা পৃথকে থকাই শ্রেয়। ধনেই অনেক মানত দেৱতা স্বৰূপ । এই ধন-সম্পত্তিৰ লোভেই মর্ত্যৰ মানুহক চয়তানৰ সৈতে সোণালী জৰীৰে বান্ধি ৰাখে । জগতৰ মান, প্রশংসা, মর্যাদা, সমাজত উচ্চ স্থান আদি পাবলৈ আন একশ্রেণীৰ লোকে যৎপৰোনাস্তি চেষ্টা কৰে । কিন্তু এই দাসত্বৰ বন্ধন ছিঙিবই লাগিব, কিয়নো আমি ঈশ্বৰ আৰু জগত উভয়তে খাটিব নোৱাৰোঁ । আমাৰ অনিষ্ট সাধন কৰা আটাই বাহ্যিক বিষয়বোৰক সম্পূর্ণকৈ ত্যাগ নকৰিলে SCAsm 33.1
আমি ঈশ্বৰৰ সন্তান হোৱাৰ যোগ্য হ’ব নোৱাৰোঁ। অনেক লোক আছে যিবিলাকে নিজৰ বিচাৰ-বুদ্ধি, ভাৰষাৰ ওপৰত নিৰ্ভৰ কৰি ঈশ্বৰৰ বিধানৰ বাধ্যতা হৈ মুক্তিৰ অর্থে বাহ্যিক ন্যায় আৰু পৱিত্ৰ ভাৱ লৈ ঈশ্বৰৰ সেৱা আৰাধনা কবে। কিন্তু তেওঁবিলাকৰ হৃদয় খ্রীষ্টৰ গভীৰ প্ৰেমৰ উমান পাব নোৱাৰে, কিয়নো তুলুঙা যুক্তিৰে খ্রীষ্টিয়ান জীৱন নিৰ্বাস কৰি স্বৰ্গলৈ যোৱাৰ অধিকাৰ বিচাৰে । এইয়া মূল্যহীন ধর্ম-কর্ম । খ্রীষ্টে যেতিয়া মানুহৰ হৃদয়ত বাস কৰে, তেতিয়া সেই হৃদয় তেওঁৰ প্ৰেমেৰে পৰিপূৰ্ণ হয়, তেওঁৰ সৈতে মধুৰ সম্পর্ক স্থাপিত হয় । এইদৰে তেওঁৰ সান্নিধ্যত থাকি ধ্যানমগ্ন হোৱাত আটাই বাহ্যিক স্বার্থ অন্তর্দ্ধান হয় ।SCAsm 33.2
খ্রীষ্টক সর্বস্ব অর্পণ কৰি দিয়াটো এটা অতি মহান ত্যাগ বুলি আপুনি অনুভৱ কৰিছেনে ? নিজকে সোধক “খ্রীষ্টই মোৰ নিমিত্তে কি দিলে ?” আমাক পাপৰ পৰা উদ্ধাৰ কৰিবৰ নিমিত্তে ঈশ্বৰৰ পুত্ৰই তেওঁৰ প্রেম, অনেক যন্ত্রণা ভোগ আদি আটাইবোৰকে নীৰৱে সহ্য কৰি অৱশেষত নিজৰ জীৱন পর্যন্ত উৎসর্গ কৰিলে । এনেস্থলত আমি নিঃস্ব আৰু অযোগ্য প্রাণীয়ে তেওঁৰ অসীম আৰু মহান প্ৰেমৰ পৰা নিজৰ হৃদয় কেনেকৈ তেওঁৰ পৰা আঁতৰাই ৰাখিব পাৰো ? আমাৰ পাপবোৰৰ নিমিত্তে তেওঁক খোঁচা হ’ল, তৎস্বত্বেও তেওঁৰ প্ৰেম আৰু আত্মবলিদান এই আটাইবোৰ অগ্রাহ্য কৰি আমি তেওঁলৈ দৃষ্টি কৰিব পাৰোঁনে ? মহান পৰাক্ৰমী ঈশ্বৰৰ অতি নীহ অৱমানিত অৱস্থা হোৱা স্বত্ত্বেও আমি আত্ম-অভিমান মনোভাৱৰ দ্বাৰাই এতিয়াও জীৱনলৈ সোমাবলৈ দাবী কৰিব পাৰোনে ?SCAsm 33.3
অহংকাৰী হৃদয়ৰ অনেক লোকে কয় “ঈশ্বৰে মোক গ্ৰহণ কৰাব প্রতিশ্রুতি নিদিয়াৰ আগেয়ে মই কিয় অনুতাপ আৰু নম্রতাৰে তেওঁৰ ওচৰলৈ যাব লাগে ?” আহক, মই আপোনাক খ্রীষ্টলৈ দেখুৱাওঁ তেওঁ নিস্পাপ আৰু নিষ্কলংকিত আছিল, তেওঁ স্বর্গ, মর্ত্য আৰু পাতাল এই ত্রিভূৱনৰ ৰজা আছিল আৰু এতিয়াও হয় ; কিন্তু পতিত মানৱৰ উদ্ধাৰৰ অৰ্থে তেওঁ পাপ স্বৰূপ হ’ল । “তেওঁ মৃত্যুলৈ নিজ প্রাণ ঢালি দিলে, আৰু অধমীবোৰৰ লগত লেখত পৰিল । তথাপি তেওঁ অনেকৰ পাপৰ ভাৰ বলে, আৰু অধমীবোৰৰ নিমিত্তে অনুৰোধ কৰিছে” যিচয়া ৫৩:১২ পদ।SCAsm 34.1
আমি আটাইবোৰ ত্যাগ কৰাৰ পাছত আৰু এতিয়া কি সোধাই দিবলৈ আছে ? যীচুৰ অতুলনীয় প্রেম আৰু তেজৰ দ্বাৰাই পৰিস্কৃত আৰু শুচি হ’বলৈ আৰু কেৱল উদ্ধাৰ পাবলৈ আছে এক পাপ কলুষিত হৃদয় । অথচ এইখিনিকে ত্যাগ কৰিবলৈ মানুহে অতি কঠিন কাম বুলি ভাবে। আমাৰ ভালৰ কাৰণে যি উত্তম তেনে কোনো বস্তুকে ঈশ্বৰে আমাক ত্যাগ কৰিব কোৱা নাই ; বৰং মানুহে নিজ বিচার-বুদ্ধি আৰু অসঙ্গত যুক্তিৰে ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি নিজ হৃদয়ৰ প্রতি অন্যায় আৰু ক্ষতি সাধন কৰিছে । পাপৰ পথ ঘৃণনীয় আৰু ধ্বংসৰ পথ।SCAsm 34.2
ঈশ্বৰে পৃথিৱীত থকা তেওঁৰ সন্তান বিলাকৰ দুখ-যন্ত্রণা ভোগ দেখি আনন্দ পায়, এনে মনোভাৱ ধাৰণ কৰাটো ভ্রান্তিকৰ মাথোন, কিয়নো স্বর্গীয় দূতবিলাকে মানুহৰ সুখ আনন্দৰ প্ৰতিহে উদ্বিগ্ন ! আমি যি অৱস্থাতেই আছো জগতৰ ত্রাণকৰ্ত্তা ঈশ্বৰে আমাক সেই অৱস্থাতেই তেওঁৰ পুত্ৰৰ তেজৰ দ্বাৰাই শুচি কৰিব পাৰে । অনেকে সোধে ‘মই নিজকে কেনেকৈ ঈশ্বৰত সমৰ্পণ কৰিম ? নিশ্চয়ে আপুনি নিজকে তেওঁৰ হাতত সোধাই দিবলৈ ইচ্ছা কৰে ; কিন্তু আপোনাৰ দুর্বল মানসিক শক্তি, সন্দেহৰ বশৱৰ্তী আৰু পাপ অভ্যস্ত জীৱনৰ দ্বাৰাই নিয়ন্ত্রিত। হোৱাত সেইবোৰে বাধাস্বৰূপ হৈছে । ইচ্ছাৰ প্রকৃত শক্তিক আপুনি অনুভৱ কৰাটো আৱশ্যক, কিয়নো ব্যক্তি এজনৰ স্বভাৱত এনে এক পৰিচালিত শক্তি থাকে যিয়ে ভাল আৰু বেয়াৰ পার্থক্যৰ বিচাৰ কৰিব পাবে । আপুনি নিজে নিজৰ হৃদয় পৰিবর্ত্তন কৰিব নাইবা ঈশ্বৰৰ দয়াৰ পাত্রও হ’ব নোৱাৰে ; কিন্তু তেওঁৰ পৰিচর্যা কৰিবলৈ ইচ্ছা কৰিব পাৰে । সেই ইচ্ছা আপুনি ঈশ্বৰত সোধাই দিয়ক, তেতিয়াই দেখিব আপুনি সেই ইচ্ছাৰেই তেওঁৰ দৃষ্টিত ভাল আৰু সন্তোষজনক কর্ম কৰি গৈছে । এইদৰে আপোনাৰ গোটেই জীৱনটোৱেই খ্রীষ্টৰ আত্মাৰ অধীনত পৰিচালিত হৈ উভয়েৰে মাজত প্ৰেমৰ দৃঢ় সম্বন্ধ গঢ়ি উঠিব।SCAsm 34.3
শুদ্ধতা আৰু পৱিত্ৰতালৈ হাবিয়াস কৰি আগুৱাই গৈ থকাতো সঙ্গতিপূর্ণ। কিন্তু ইয়াৰ গতিৰোধ হ’লেই আটাইবোৰ মূল্যহীন হৈ যায় । সেয়ে অনেকে খ্রীষ্টৰ অনুগামী হ’বলৈ ইচ্ছা আৰু হাবিয়াস কৰিও অকৃতকার্য হয় । কাৰণ ঈশ্বৰৰ ইচ্ছানুযায়ী তেওঁবিলাকে বশীভূত হোৱা নাই ।SCAsm 35.1