অধ্যায় ১ - চয়তানৰপতন
প্ৰভুৱে মোক দেখুৱাইছিল যে এক সময়ত যীশুৰ পাছতে স্বৰ্গত চয়তান এজন সম্মানিত দেবদূত আছিল। তেওঁৰ ব্যবহাৰ আছিল বৰ কোমল যত আন দেবদূত সকলৰ নিচিনা সুখ’ৰ প্ৰকাশ পাইছিল। তেওঁ এজন বুধিয়কো আছিল। তেওঁৰ ৰূপটো আছিল সঠিক। যেতিয়া ভগৱানে তেওঁৰ পুত্ৰক ক’লে, আহা আমাৰ মানুহকলৈ সমস্যা, এই কথা শুনি চায়তানে যীশুক ঈৰ্ষা কৰিছিল, কিয়নো মানুহৰ ৰূপ দিয়তে তেওঁ এজন অংশীদাৰ হব বিচাৰিছিল। তেওঁ ভগৱানৰ পাচতেই স্বৰ্গৰ উচ্চতম স্থানৰ আকাঙ্খা কৰিছিল। এই সময় লৈ ভগৱানৰ চৰকাৰৰ অধীনত স্বৰ্গখন ঠিক-ঠাকে চলি আছিল।GCam 1.1
ভগৱানৰ আদেশ আৰু ইচ্ছাৰ বিৰূদ্ধে বিদ্রোহ কৰাটো আছিল ঘোৰ পাপ। স্বৰ্গত দেবদূত সকলৰ মাজত এজন নেতা আছিল। তেনে অবস্থাত চয়তানে ভগৱানৰ বিৰূদ্ধে যিবোৰ সিদ্ধান্ত ল’লে। তেতিয়া দেবদূত সকলৰ মাজত দুটা ভাগ হৈ গল। এটা ভাগ ভগৱানৰ প( ললে আৰু আনটো চয়তানৰহৈ থিয় দিলে। শেষলৈ, প্রকৃত দেবদূত সকলোৰে জয় হল আৰু চয়তান আৰু তেওঁৰ অনুসৰণ কাৰী সকলক স্বৰ্গৰ পৰা বিতাড়িত কৰা হল।GCam 1.2
সদায়ৰ বাৱে স্বৰ্গৰ বিশুদ্ধতা আৰু গৌৰব নষ্ট কৰা বুলি অনুভৱ কৰি চয়তান অনুতপ্ত হল আৰু ইয়ালৈ ঘূৰি অহাৰ ইচ্চা প্ৰকাশ কৰিলে। তেওঁ আৰু তেওঁৰ অনুসৰণ কাৰী সকল বহুতো প্রচেষ্টাৰে ইয়ালৈ ঘুৰি আহিব বিচাৰিছিল। কিন্তু স্বৰ্গক আৰু কোনো সঙ্কটত ঠেলি দিয়াৰ প্রশ্নেই নাছিল। তেওঁলোকৰ পাপ, ঘৃণা আৰু হিংসা ইমানেই প্ৰবল আছিল যে ভগৱানে ইয়াক অতঁৰাব। নোৱাৰিলে। কাৰণ সিহতৰ শেষ শাস্তি প্ৰাপ্য আছিল।GCam 2.1
যেতিয়া ভগৱানৰ অনুগ্ৰহ ঘুৰাই পোৱাৰ কোনো আশা নাই বুলি বুজি পাই চয়তানৰ ঘৃণা আৰু হিংসা ওলাই আহিব ধৰিলে। তেওঁৰ দেবদূত সকলৰ সৈতে আলোচনাত বহি তেওঁ ভগৱানৰ চৰকাৰক অস্থিৰ কৰিবলৈ পৰিকল্পনা কৰিলে। যেতিয়া আদান আৰু ইভ ধুনীয়া উদ্যানত বহি আছিল। চয়তানে সিঁহতক ধ্বংস ৰাৰ পৰিকল্পনা ৰচনা কৰি আছিল। নিজ দেবদূত সকলৰ লগত কথা পাতি তেওঁ থিৰাংকৰিলে এই সুখী দম্পতিৰ ওপৰত নিজৰ ক্ষমতা ঘটোৱা নাযাব যদি সিঁহতক ভগৱানৰ অমান্য কৰিবলৈ বাধ্য কৰোৱা নহয়। বেলেগ এটা ৰূপ ধাৰণ কৰি আৰু মানুহৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰি চয়তানে ঠিক কৰিলে ভগৱানৰ সত্যতাত সন্দেহ সৃষ্টি কৰাৰ যাতে সিহতৰ দৃষ্টি আকৰ্ষণ কৰা যায়।GCam 2.2
ইচাইৱা ১৪৪১২-২০( এজেকিয়েল ২৮১-১৯, দৈববাণী ১২৪৭-৯ দেখকGCam 2.3