Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অব্যার ৪১ - দ্বিতীয় মৃত্যু

    চয়তান মাজেদী বেগেৰে ঠেলি যায় আৰু কার্যসিদ্ধ কৰিবলৈ মানুহৰ জাকক উদগায়। কিন্তু ঈশ্বৰে স্বৰ্গৰ পৰা তেওঁলোকৰ ওপৰত জুইৰ বাৰিষা দিয়ে, মহৎ আৰু প্ৰবল পৰাক্রমী মানুহ বিলাকে, সম্ভ্রান্ত দুখীয়া আৰু দুৰ্দশাগ্রস্ত মানুহ বিলাকে সকলোৱে একেলগে নাশ হয়। মই দেখিলো যে কিছুমানে সোনকালেই ধ্বংস হল, যেতিয়া আনবিলাকে বেচি সময় লৈ যাতনা ভোগ কৰিল। শৰীৰত হোৱা কামবোৰ অনুসৰি তেওঁলোকক শাস্তি বিহা হল। কিছুমানে বহুদিনলৈ দগ্ধ হৈ থাকিল, আৰু ঠিক যেতিয়ালৈ তেওঁলোকৰ কোনো অংশ দগ্ধ নোহোৱাকৈ থাকিল। যাতনা ভোগৰ সকলো অনুভূতি তাত থাকিল। দূতে ক’লে, জীৱনৰ পোক ন মৰে( তেওঁলোকৰ জুই নোনুমে যেতিয়ালৈ তাৰ বাৱে চিকাৰ কৰিবলৈ সামান্যতম সৰু খণ্ড থাকি যায়।GCam 215.1

    কিন্তু চয়তান আৰু তাৰ দূতবিলাকে দীঘলীয়া সময়লৈ যাতনাভোগ কৰিল। অকল তাৰ পাপৰ ভাৰ আৰু শাস্তিৰে চয়তান বহন ন কৰে। কিন্তু সকলো উদ্ধাৰ পোৱা দলৰ পাপবোৰ তাৰ ওপৰত স্থাপন কৰা হৈছিল( আৰু তাক আত্মসমূহৰ সেই নাশ বাৱেও যাতনা ভোগ কৰিব লাগিব যিটো সি ঘটাইছিল। তেতিয়া মই দেখিলো যে চয়তান আৰু দুষ্ট দলটো সম্পূৰ্ণকৈ নাশ হল। আৰু ঈশ্বৰৰ বিচাৰ সন্তুষ্ট হল। আৰু গোটেই দূতৰ দলটো আৰু সকলো উদ্ধাৰ প্ৰাপ্ত সিদ্ধ পুৰুষবিলাকে উচ্চৈস্বৰত ক’লে, এমেন!GCam 215.2

    দূতে ক’লে,চয়তান হৈছে শিয়া,তাৰ সন্তানবোৰ শাখাসমূহ। তেওঁলোকে এতিয়া সমূলকে নাশ হল। তেওঁলোকে চিৰকালৰ মৃত্যু মৰিছে। তেওঁলোকৰ আৰু কেতিয়াও পুনৰুত্থান ন হয় আৰু ঈশ্বৰৰ এখন নিৰ্ম্মল ব্ৰহ্মাণ্ড থাকিব। মই তাৰ পিচত দৃষ্টি দিলো, আৰু সেই জুই দেখিলো যিটে। দুষ্ট বোৰক দগ্ধ কৰিছিল, জাবৰ পোৱাই দিছিল আৰু পৃথিবীক শুচি কৰিছিল। শাওৰ কোনো এটা চিন্ নাছিল। পৃথিবীৰ ভাগিযোৱা আৰু অসমান ওপৰিভাগ এতিয়া সমান, বিস্তীর্ণ সমভূমিৰ দাৰ দেখালে। ঈশ্বৰৰ সমূদয় ব্ৰহ্মাণ্ড নিৰ্ম্মল আছিল। আৰু বৰ বিতর্ক চিৰদিনৰ বাৱে শেষ হল। সৰ্ব্বত্রই আমি দৃষ্টি দিলো, সকলো বস্তুৰ ওপৰত য’ত চকু পৰিল, ধুনীয়া আৰু পবিত্ৰ আছিল। গোটেই উদ্ধাৰ প্ৰাপ্ত দল, বুঢ়া আটু ডেকা, ডাঙৰ আৰু সৰু, তেওঁলোকৰ ত্রাণকর্তাৰ ভৰিত তেওঁলোকৰ আৰু তেখেতক পূজা কৰিল যি চিৰকাল জীয়াই আছে। ধুনীয়া নতুন পৃথিবীখন, ইয়াৰ সকলো গৌৰৱেৰে, সিদ্ধ পুৰুষ সকলৰ অনাদি অনন্ত উত্তৰাধিকাৰী স্বত্ব হল। ৰাজন, কর্তৃত্ব আৰু গোটেই স্বৰ্গৰ তলত ৰাজাৰ প্ৰাধান্য, তেতিয়া অতিকৈ সন্মানিত সেই সিদ্ধ পুৰুষ সকলৰ উদ্দেশ্যে দিয়া হব, যি বিলাকে সেইটো চিৰকাল, আনকি কালে কালে দখলত ৰাখিব।GCam 216.1

    ইচাইৱা ৬৬:২৪( ডেনিয়েল ৭:২৬-২৭( দৈববাণী ২০:৯- ১৫( ২১:১, ২২-৩GCam 216.2

    Larger font
    Smaller font
    Copy
    Print
    Contents