Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First

    অধ্যায় ৬ - আকাৰৰ পৰিৱৰ্তন

    মই দেখিছিলো যে আকাৰৰ পৰিবৰ্তনত শিষ্য সকলৰ বিশ্বাস বৰকৈ দৃঢ় হৈছিল। ভগৱানে যীশু শিষ্যসকলক দৃঢ় প্রমাণ দিবলৈ ঠিক কৰিছিল যে তেওঁয়ে প্ৰতিজ্ঞাবদ্ধ মেচিয়া আৰু তেওঁলোকৰ অতিকৈ দুখ আৰু যাতনাৰ সময় তেওঁলোকে পুৰাকৈ তেওঁলোকৰ বিশ্বাস হেৰুৱা উচিত নহয়। আকাৰৰ পৰিবৰ্তন কালত প্ৰভুৱে মোচে আৰু এলিয়াচক পঠাইছিল যীশুৰ সৈতে তেওঁৰ যন্ত্রণা আৰু মৃত্যু সম্বন্ধে কথা পতাৰ কাৰণে। তেওঁৰ কেই জন মান শিষ্যক তেওঁৰ সাক্ষ্য দিয়াৰ বাৱে অনুমতি দিয়া হৈছিল স্বৰ্গীয় গৌৰৱৰে পোহৰিত তেওঁৰ মুখ খন চোৱাৰ বাৱে।GCam 19.1

    এলিজাৰ কাম সন্তুষ্টিকৰ ন হ’লেও ভগবান তেওঁৰ সহযোগে পাপক গৰিহনা দিছিল। তেওঁ ভগৱানৰ এজন ভবিষ্যতবক্তা আছিল আৰু তেওঁৰ জীৱন ৰক্ষা কৰাৰ বাৱে এঠাইৰ পৰা আৰ ঠাইলৈ পলাব লগা হৈছিল। তেওঁক লবন্য পশুৰ দৱে শিকাৰ কৰি ধ্বংস দ্ৰাৰ চেষ্টা ব্ৰা হলেও এলিজায় ভগৱানৰ সহায়েৰে সো- শৰীৰে স্বৰ্গগামী হৈছিল।GCam 19.2

    ভগৱানেৰে বৰকৈ সম্মানিত মোচে তেওঁৰ পূৰ্বপুৰুষতকৈও মহান পুৰুষ আছিল। এজন মানুহে তাৰ বন্ধুৰ লগত কথা কোৱাৰ দৰে তেখেতেই ভগৱানৰ সৈতে মুখামুখিকৈ কথা কোৱাৰ অধিকাৰ আছিল, প্ৰভু মোচেতৰ যোগেদি ইজৰায়েলৰ শিশু সকলক মিচৰীয় দাসত্বৰ উদ্ধাৰ কৰিছিল। মোচে সিঁহতৰ বাৱে এজন মধ্যস্থ আছিল। সিঁহতৰ অবিশ্বাস আৰু ভয়ানক পাপৰ বাৱে ইজৰায়েলে ভগৱানৰ ক্রোধৰ শিকাৰ হোৱাৰ সময়ত তেওঁলোকৰ বাৱে থকা মোচেৰ প্ৰেমৰ পৰীক্ষা হৈছিল। তেখেতে দৃঢ় প্রতিজ্ঞ নিবেদনৰ দ্বাৰাও ইজৰাইলৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰদৰ্শন কৰিছিল। তেওঁৰ দূৰ্দশ কালত তেখেতে ভগৱানক প্ৰাৰ্থনা কৰিছিল তেখেতৰ প্ৰৱল ক্রোধ আঁতৰাই ইজৰাইলক ক্ষমা কবাৰ বাৱে নহলে তেওঁৰ নাম তেখেতৰ মনৰ পৰা উলিৱাই দিবলৈ।GCam 19.3

    যেতিয়া ইজৰাইল মৃদু ভাবে আপত্তি কৰিছিল ভগৱান আৰু জেৰ বিৰুদ্ধে কাৰণ সিহঁতে পানী পোৱা নাছিল, তেতিয়া সিঁহাত তেওঁক দোষী সাব্যস্ত কৰিছিল সিঁহতক আৰু সিঁহতৰ শিশুসকলক হত্যা কৰিবলৈ আগুৱাই নিয়াৰ বাৱে। মোচে যেতিয়া বুজিব পাৰিলে যে সিঁহতৰ আপত্তি ভগবানৰ বিৰুদ্ধে আছিল তেওঁৰ বিৰুদ্ধে নহয়। তেতিয়া তেওঁৰ ভুল ভাগিল। তেওঁ ভাবিলে যে সিঁহতে কিমান অলপ কৃতজ্ঞতা প্ৰদৰ্শন কৰিলে তেওঁৰ গভীৰ প্রেমৰ প্রতিদানত।GCam 20.1

    মোচেতে শিলা ভজাৰ সময়ত তেওঁ ভগৱানক সন্মান কৰিবলৈ আৰু ইজৰাইলৰ শিশুসকলৰ আগত তেখেতক প্ৰশংসা কৰিবলৈ ব্যৰ্থ হল যাতে সিহঁতে ভগৱানক গৌৰবান্বিত কৰিব পাৰে। এতেকে প্ৰভুৱে মোচেৰ ওপৰত অসন্তুষ্ট হৈছিল। আৰু কৈছিল যে তেওঁ প্ৰতিজ্ঞাবদ্ধ ভূমিত প্ৰবেশ উচিত নহব। এৱা ভগয়ানৰে পৰিকল্পনা আছিল তেওঁলোকৰ প্ৰয়োজনত ইজৰাইলক তেখেতৰ ক্ষমতা প্রদর্শন যাতে তেখেতে তেওঁলোকৰ মনত থাকিব পাৰে।GCam 20.2

    পৰ্ব্বতৰ পৰা পাত্ৰ লৈ ঘূৰি অহাৰ সময়ত মোচে যেতিয়া ইজৰাইলে কুৰেক পূজা কৰা দেখা পালে, তেওঁৰ ক্রোধ বহু গুণে বৃদ্ধি পাইছিল, আৰু পাত্ৰ বোৰৰ ভাঙ্গি পেলাইছিল। মই বুজিলো যে ইয়াত মোচেৰ কোনো পাপ নাছিল। কিন্তু তেওঁ হৃদয়ৰ স্বাভাবিক অনুভূতিৰ ওচৰত হাৰ মানি ভগৱানৰ প্ৰাপ্য গৌৰবখিনি নিজেই লৈ লোভেতে পাপ কৰিছিল।GCam 21.1

    চয়তানে দেৱদূত সকলৰ আগত কোনো পথে মজেক দোষী সাব্যস্ত কৰি আছিল। ভগৱানক অসন্তুষ্ট কৰাৰ অপৰাধত মোচে চয়তানৰ ক্ষমতাৰ অধীনত অর্থাৎ মৃত্যুৰ অধিকাৰত আহি গৈছিল। মোচে মৃত্যু সহিছিল, কিন্তু মাইকেল উঠি আহিছিল আৰু তেওঁ দূর্নীতি চোৱাৰ পূৰ্বেই তেওঁক জীৱন দান দিছিল। চয়তানে শৰীৰটো তাৰ বুলি দাবী কৰিছিল। কিন্তু মাইকেলে মোচেক পূৰ্নজন্ম দি তেওঁক স্বৰ্গলৈ উন্বিত কৰিছিল। চয়তানে ভগৱানে আবিচাৰ কৰা বুলি তেওঁৰ তীব্র বিৰোধিতা কৰিছিল। কিন্তু মাইকেলে তাক গৰিহনা দিয়া নাছিল যদিও তাৰ প্ৰলোভন আৰু ক্ষমতাৰ যোগেদি ভগৱানৰ সেৱৰ পতন হৈছিল।GCam 21.2

    যীশু তেওঁৰ শিষ্য সকলক কৈছিল যে তেওঁৰ সৈতে কিছু সংখ্যক থিয়হৈ আছিল যিহতে ভগৱানৰ ৰাজত্ব ক্ষমতাত ঘূৰি অহালৈ মৃত্যুক সাবটি ধৰিব নালাগে। প্ৰতিজ্ঞা অনুসাৰে, যীশুৰ আকৃতিৰ পৰিবৰ্তন হৈছিল আৰু বেলিৰ দৰে চকমকাই আছিল। মোচে মৃত্যুৰ স্থান পৰা উত্থান হব যীশুৰ দ্বিতীয় আবির্ভাবত মৃত্যু নে দেখিয়েই যাৰ মুক্তি হৈছিল, সেই এলিয়াজক সকলক প্রতিনিধিত্ব কৰিছিল যি সকল খ্ৰীষ্টৰ দ্বিতীয় আবির্ভাবত অমৰত্ব লাভ কৰিব আৰু মৃত্যু দেখা অবিহনেই স্বৰ্গলৈ উন্নীত হব। যীশুৰ মহানুভৱতা। চাই শিষ্যসকলে আচৰিত হৈ গৈছিল আৰু ভগৱানৰ কণ্ঠস্বৰ শুনিছিল যত তেখেতে কৈছিল, তেওঁৰ কথা শুনা, এও হৈছে মোৰ প্রিয় পুত্র।GCam 22.1