Loading...
Larger font
Smaller font
Copy
Print
Contents

মহান বিবাদ

 - Contents
  • Results
  • Related
  • Featured
No results found for: "".
  • Weighted Relevancy
  • Content Sequence
  • Relevancy
  • Earliest First
  • Latest First
    Larger font
    Smaller font
    Copy
    Print
    Contents

    অধ্যায় ৩২ - কম্পন

    মই দেখিলো কিছুমানে দৃঢ় বিশ্বাস আৰু যন্ত্রণাদায়ক কাকূতিৰে তেওঁলোকৰ দাবীৰ সমৰ্থনত ঈশ্বৰৰ সৈতে হেতুদর্শাইছে। তেওঁলোকৰ চেহেৰা নিস্তেজ আৰু গভীৰ উদ্বেগেৰে চিন দিয়া আছিল, যিটো তেওঁলোকৰ ভিতৰুৱা যাতনা প্রকাশ কৰিল। তেওঁলোকৰ চেহেৰাত দৃঢ়তা আৰু অতিকৈ ব্যগ্রতা প্রকাশ পালে, যেতিয়া তেওঁলোকৰ কপালৰ ওপৰত ঘামৰ ডাঙৰ টোপোলা উঠিল আৰু পতিত হল। মাজে সময়ে তেওঁলোকৰ মুখ ঈশ্বৰৰ অনুমোদনৰ চিনেৰে জ্বলি উঠে, আৰু আকৌ সেই একেই ভক্তিপূর্ণ, ব্যগ্র, উৎকণ্ঠিত ৰূপটো তেওঁলোকৰ ওপৰত থিতাপি ললে।GCam 170.1

    তেওঁলোকৰ দৃষ্টি পথৰ যীশুক ওলাই দিবলৈ অনিষ্টকাৰী দূতবিলাকে সিহতক বেৰি ধৰিল। আৰু সিঁহতে ঈশ্বৰক অবিশ্বাস কৰে, আৰু পিচতে তেখেতৰ বিৰূদ্ধে প্রতিবাদ কৰে। ওপৰমুখীয়া দৃষ্টি দিয়াতে সিঁহতৰ কেৱলমাত্র নির্বিঘ্নতা আছিল। দূতবিলাকে ঈশ্বৰৰ মানুহবিলাকৰ ওপৰত নজৰ দি আছিল, আৰু যেনে এই উৎকণ্ঠিত মানুহবিলাকৰ ওপৰত এই অনিষ্টকাৰী দূতবিলাকৰ পৰা বিষাৰ পৰিবেশ সিঁহতৰ ওপৰত, সিঁহতক বেৰি ধৰা ঘন এন্ধাৰক ছটিয়াই দিবলৈ সিঁহতৰ ওপৰত তেওঁলোকৰ পাখিবোৰ একেৰাহে উঠাই নি আছিল।GCam 170.2

    কিছুমানক আওকণীয়া আৰু অমনোযোগী যেন লাগিল। তেওঁলোকৰ চাৰিওকাষে এন্ধাৰক তেওঁলোকে বাধা দিয়া নাছিল আৰু এটা ঘন ডাৱৰৰ নিচিনা আৰু তেওঁলোকক আটক কৰিল, ঈশ্বৰৰ দূতবিলাকে তেওঁলোকক এৰিগল আৰু মনোযোগী,প্রার্থনাকাৰী সকলক সহায় কৰিবলৈ গল। মই দেখিলো ঈশ্বৰৰ দূতবিলাকে তেওঁলোক সকলোৰে সহায়তা খৰ খেদা কৰিল যি বিলাকে সেই অনিষ্টকাৰী দূতবিলাকক বাধা দিবলৈ তেওঁলোকৰ সকলো শক্তিৰে চেষ্টা কৰি আছিল আৰু ধৈৰ্য্যেৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আপোনাসকলক সহায় কৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু দূতবিলাকে তেওঁলোকক এৰি গল যি বিলাকে নিজ সকলক সহায় কৰিবলৈ কোনো যত্ন ন ললে আৰু মোৰ দৃষ্টিশক্তিৰ পৰা তেওঁলোকে হেৰুৱাই গল।GCam 171.1

    যেনে এই প্রার্থনাকাৰী সকল তেওঁলোকৰ ব্যগ্ৰ কাকুতি চলাই গল, মাজে সময়ে যীশুৰ পৰা এটা পোহৰৰ ৰমি তেওঁলোকৰ ফালে আহিল, আৰু তেওঁলোকৰ হৃদয়ক উৎসাহ দিলে আৰু তেওঁলোকৰ চেহেৰাক পোহৰ কৰিল।GCam 171.2

    যিটো কম্পন মই দেখিছিলো তাৰ অৰ্থ মই সোধিলো মোক দেখুওৱা হল যে এইটো ঘটোৱা হব লাওডিচিন্ত থকা মণ্ডলী লৈ সত্য সাক্ষ্যীৰ উপদেশেৰে আহ্বান কৰা প্ৰকৃত সাক্ষ্যৰ দ্বাৰা। এয়া সাক্ষ্য প্রাপ্তকাৰীৰ হৃদয়ত ইয়াৰ প্ৰভাৱ পেলাব, আৰু এয়া তাক আদর্শ (স্তৰ) আৰু প্ৰকৃত সত্য প্রকাশ কৰিবলৈ আগুৱাই লৈ যাব। কিছুমানে এই সহজ সাক্ষ্য বহন ন কৰিব। তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিব, আৰু এয়া ঈশ্বৰৰ মানুহবিলাকৰ মাজত এটা কম্পন ঘটাব।GCam 171.3

    মই দেখিলো যে সত্য সাক্ষীৰ সাক্ষ্যৰ আধা ভাগেই মন দিয়া হোৱা নাই। পবিত্র সাক্ষ্য যাৰ ওপৰত গীৰ্জাঘৰৰ ভাগ্য ওলমি আছে, লঘুৱাই মান কৰা হয়, যদি সম্পূৰ্ণ ৰূপে হেয় কৰা নহয়। এই সাক্ষ্যক অবশ্যেই গভীৰ অনুতাপ সিদ্ধ কৰিব লাগিব। আৰু যি বিলাকে এয়া গ্ৰহণ কৰে, এয়া মানিব আৰু শুদ্ধ হব।GCam 172.1

    দূতে কলে, তোমালোকে ইচ্ছা কৰা। ততালিকে মই এটা মাত শুনিবলৈ পালো যিটো বহুতো বাদ্যযন্ত্ৰৰ নিচিনা শব্দ কৰিল, সকলোৱে সঠিক গীতত, মধুৰ আৰু সুশ্ৰাব্যহৈ বাজিছে। মই আগতে শুনা যি কোনো সঙ্গীতক এয়া চেৰ পেলালে। এয়া কৰুনা, সহানুভূতিত বৰ পৰিপূৰ্ণ আৰু পবিত্ৰ আনন্দ উগাই দিলে। এয়া মোৰ গোটেই অস্তিত্বটোৰ মাজেদি জিনজিনাই গল। দূতে কলে, তোমালোকে চোৱা। মোৰ মনোযোগ তেতিয়া সেই দলটোলৈ ঘূৰি গল যিটোক মই আগতে দেখিছিলো, যি বিলাকে প্রবল ভাবে কম্পিত হৈছিল। মোক সেই সকলক দেখুওৱা হল যি বিলাকক আগতে মই দেখিছিলো কান্দি আছে, আৰু আত্মাৰ যাতনাৰে প্ৰাৰ্থনা কৰিছে। মই দেখিলে যে তেওঁলোকৰ চাৰিওকাষে প্রতিপালক। দূতবিলাকে (ত্রাণকর্তা) সংখ্যাত দ্বিগুণ হল আৰু তেওঁলোকে মূৰৰ পৰা ভৰি লৈ এটা লোৰ জাখৰ পিন্ধি আছিল। তেওঁলোক সঠিক পদ্ধতিতে লৰচৰ কৰিল, সেনাৰ এটা দলৰ নিচিনা দৃঢ় হৈ। তেওঁলোকৰ চেহেৰা সেই উগ্ৰ বিবাদ প্রকাশ কৰিল যিটো তেওঁলোকে সহ্য কৰিছিল, যি যন্ত্রণাদায়ক সংগ্ৰামৰ মাজে দি তেওঁলোক পাৰ হৈছিল। তথাপি তেওঁলোকৰ মুখৰ আকৃতি ভয়ানক ভিতৰুৱা যাতনাৰ দ্বাৰা দাগ দি এতিয়া স্বৰ্গৰ পোহৰ আৰু গৌৰৱেৰে উজলিল। তেওঁলোক জয় লাভ কৰিছিল। এয়া তেওঁলোকৰ ওচৰৰ পৰা অত্যন্ত শলাগ আৰু পবিত্ৰ আনন্দ উদঙালে।GCam 172.2

    এই দলটো সংখ্যাত কমি গৈছিল। কিছুমানে কঁপি উঠিছিল। আৰু ৰাতিতেই এৰি অহা হল। এতেকে কিছুমানক এন্ধাৰত পৰিত্যাগ কৰাহলেও সিঁহতৰ স্থান পূৰালে সত্যৰ পথেৰে চলা বিলাকে আৰু দলত যোগ দিলে। অনিষ্টকাৰী দূতবিলাকে চেষ্টা কৰিলেও তেওঁলোকৰ ওপৰত কোনো ক্ষমতা খটোৱাব। নোৱাৰিলে।GCam 173.1

    লোৰ জাখৰ পিন্ধা সকলক মই শুনিলো বৰ ক্ষমতাৰে সত্যৰ কথা কৈ আছে। ইয়াৰ প্ৰভাব পৰিছিল। মই দেখিলো কিছুমান ঘৈনিয়েকে তেওঁলোকৰ গিৰিয়েকৰ দ্বাৰা বান্ধি খোৱা হৈছিল আৰু কিছুমান পিতৃমাতৃৰে তেওঁলোকৰ সন্তানক বৈৰি হৈছিল। সৎ মানুহ বিলাক যি সকলক সঁচা কথা শুনিবলৈ বাধা দিয়া হৈছিল, এতিয়া কোৱচ বৰ আগ্ৰহেৰে ধাৰন কৰিল। তেওঁলোকৰ নিজমাহ সকলৰ সকলো ভয়েই গুচি গল। অকল সত্যই তেওঁলোকৰ উদ্দেশ্যে দাঙি ধৰা হল। এয়া জীবনত কৈও অধিক বহুমূলীয়া অহিলা সুধিলো কেনেকৈ এই পৰিবৰ্তন আহিছিল। এজন দূতে উত্তৰ দিলে, এয়া হৈছে অন্তিম বৰষুন, প্ৰভুৰ উপস্থিতিৰ পৰাও সজীৱ, তৃতীয় দূতৰ উচ্চৈস্বৰত ঘোষণা ।GCam 173.2

    এয়া মনোনীত সকলৰ সৈতে অতিকৈ ক্ষমতা আছিল। দূতে ক’লে, তোমালোক দেখা! মোৰ মনোযোগ দুষ্ট বা অবিশ্বাসী সকলৰ ফালে ঘূৰাই দিয়া হল। তেওঁলোক উত্তেজিত হৈ আছিল। ঈশ্বৰৰ মানুহবিলাকৰ সৈতে উৎসাহ আৰু ক্ষমতা তেওঁলোকক উদ্গাই দিছিল আৰু ত্ৰুদ্ধ কৰিছিল। প্রত্যেক দিশত আছিল খেলিমেলি। মই দেখিলো এই দলৰ বিৰূদ্ধে উপায় অৱলম্বন কৰা হল, যি বিলাকৰ ঈশ্বৰৰ ক্ষমতা আৰু পোহৰ আছিল। এন্ধাৰ তেওঁলোকৰ চাৰিওকাষে গোট বান্ধিলে, তথাপি ঈশ্বৰ সম্মতি পাই আৰু তেখেতক বিশ্বাস কৰি তেওঁলোক তাতেই থিয় হৈথাকিল। মই তেওঁলোকক বিমোৰত পৰা দেখিলো। পিচত মই তেওঁলোকক ঈশ্বৰৰ ফালে একাগ্রহৈ কান্দি থকা শুনিলো। গোটেই দিন আৰু ৰাতি তেওঁলোকৰ কান্দোন বন্ধ ন হল। মই এই কথাবোৰ শুনিলো। হে ঈশ্বৰ, তোমাৰ ইচ্ছা সম্পন্ন হঁওক। যদি এয়া তোমাৰ নাম মহিমান্বিত কৰিব পাৰে, তোমাৰ মানুহ বিলাকৰ বাৱে উদ্ধাৰৰ এটা উপায় কৰা! আমাৰ চাৰিওকাষে থকা বিধর্মী সকলৰ পৰা আমালোকক ৰক্ষা কৰা! তেওঁলোকে আমালোকক মৃত্যুৰ ফালে ঠেলি দিছে, কিন্তু তোমাৰ বাহু মুক্তি আনিব পাৰে। এই হৈছে আটাইকেইটা কথা যি মোৰ মনত আহিছে। তেওঁলোকৰ অযোগ্য তাৰ বিষয়ত তেওঁলোকৰ এটা গভীৰ অনুভূতি আছে আৰু ঈশ্বৰৰ ইচ্ছাৰ ওচৰত সম্পূর্ণ সমর্পণ প্রদর্শন কৰা যেন লাগিল। তথাপি প্ৰতি জনে, কোনো ব্যাতিক্রম অবিহনে, একাগ্ৰহৈ হেত দশাই আছিল, মুক্তিৰ। বাৱেজেকবৰ নিচিনা বাহু যুদ্ধ কৰি আছিল।GCam 174.1

    তেওঁলোকৰ সৰল কান্দোল আৰম্ভ কৰাৰ অলপ পিচতেই দূতবিলাকে সহানুভূতিতে তেওঁলোকৰ মুত্তিত যাব পাৰিলে হেতেন, কিন্তু এজন দীঘলীয়া, ক্ষমতা বান যাব নি দিলে। তেওঁকালে, ঈশ্বৰৰ বাসনা এতিয়াও পুৰা হোৱা নাই। তেওঁলোকক বাটি পান কৰিবই লাগিব। শৰণ লগোৱা কাৰ্য্যৰে তেওঁলোকক অবশ্যেই শৰণ লগাব লাগিব।GCam 175.1

    ততালিকে মই ঈশ্বৰৰ মাত শুনিলো, যিটো স্বৰ্গ আৰু পৃথিৱীক জোকাৰিলে এটা প্ৰবল ভূমিকম্প হল। ঘৰবোৰ ভাগি গল আৰু প্ৰত্যেক দিশতেই পতিত হল। মই তেতিয়া জয়োল্লাসিত ঘোষণা শুনিলো, এতেহবা, সুশ্ৰাব্য অৰু স্পষ্ট। মই এই দলটোৰ ওপৰত দৃষ্টি দিলো, অলপ সময় আগতে এনেকোৱা দুৰ্দ্দশা আৰুদাসত্বত আছিল। তেওঁলোকৰ দাসত্ব ঘুৰি গল। এটা মহিমান্বিত পোহৰ তেওঁলোকৰ ওপৰত জ্বলি উঠিল। কিমান সুন্দৰ তেতিয়া তেওঁলোকক দেখালে। সকলো ক্লান্তি আৰু চিন্তাৰ চিন্ গুচি গল। প্ৰতিখন চেহেৰাতেই সুস্থতা আৰুসৌন্দৰ্য্য দেখা গল। তেওঁলোকৰ শত্ৰুবিলাক, তেওঁলোকৰ চাৰিওকাষে বিধর্মী বোলাক মৃতকৰ নিচিনা পতিত হল। তেওঁলোকৰ পোহৰটো সহ্য কৰিব নোৱাৰিলে যিটো সেই মুক্তিপ্রাপ্ত পবিত্ৰবিলাকৰ ওপৰত চকমকালে। এই পোহৰ আৰু গৌৰব তেওঁলোকৰ ওপৰত স্থিৰ হল। যেতিয়ালৈ যীশুক আকাশৰ ডাৱৰত দেখা ন গল। আৰু বিশ্বস্ত, প্রমাণিত দলটো নিমিষতে মহিমাৰ পৰা মহিমালৈ পৰিবর্ত্তিত হল। কবৰবোৰ মুকলি কৰা হল। সিদ্ধপুৰুষ সকলে অমৰত্ব পিন্ধি মৃত্যু আৰু কবৰৰ ওপৰত বিজয় ঘোষণা কৰি ওলাই আহিল, আৰু জীয়া সিদ্ধ পুৰুষৰ সৈতে একেলগ হৈ আকাশত তেওঁলোকৰ প্ৰভুৰ সৈতে সাক্ষাৎ কৰিবলৈ লগ লাগিল, যেতিয়া মহিমা আৰু জয়ৰ সুমধুৰ উচ্চৈস্বৰ প্ৰতিখন অমৰজিহ্বাত আছিল আৰু প্ৰতিখন শুদ্ধ, পবিত্ৰ ওঠৰ পৰা ওলাই আহিছিল।GCam 175.2

    স্তুতি পাঠ অধ্যায় ৮৬( হোজিয়া ৬:৩( হেগেই ২:২১-২৩ মেথিউ ১০:৩৫-৩৯( ২০:২৩( ইফেজিয়ানজ ৬:১০-১৮( ১ থেলেচোনিয়ানচ ৪:১৪-১৮( দৈববাণী ৩:১৪-২২ দেখক।GCam 176.1

    Larger font
    Smaller font
    Copy
    Print
    Contents